Thursday, September 2, 2010

“সেই চিনাকী চিফুঙৰ সুৰে যে মাতিছে বাৰে বাৰে...”

বাঁহী, অসমৰ সমাজ জীৱনৰ লগত ওতঃপ্রোতঃ ভাৱে জড়িত এক বাদ্যযন্ত্র। বিহুকে ধৰি বিভিন্ন সঙ্গীতানুষ্ঠানত বাঁহীৰ ব্যৱহাৰ প্রায়েই দেখা যায়। বাঁহী সাধাৰণতে বাঁহেৰেই তৈয়াৰ কৰা হয় যদিও সময়ৰ পৰিবৰ্তন অনুসৰি বাঁহীও বৰ্তমান বিভিন্ন ৰূপত দেখা পোৱা যায়। কিন্তু অসমৰ সমাজ জীৱনত বাঁহৰ বাঁহী ডালৰেই আদৰ বেছিবাঁহী যে কেৱল অসমীয়া সমাজ জীৱনৰে এক অঙ্গ এনে নহয়। অসমৰে বিভিন্ন জনগোষ্ঠীৰ লোক সকলৰ মাজতো বাঁহীৰ সমানেই আদৰএওঁলোকৰ মাজত বিভিন্ন প্রকাৰৰ বাঁহীৰ প্রচলন আছে। তিৱা সকলে দুইধৰণৰ বাঁহী ব্যৱহাৰ কৰে – থুৰাং আৰু পাংছি। আনহাতে মিছিং সকলৰ বাঁহীক কুৰুলি হিচাবে জনা যায়ই দুবিধ- পথালিকৈ বজোৱা ডালক কেতপং আৰু থিয়কৈ বজোৱা ডালক তৃতক হিচাপে জনা যায়। ৰাভা জনজাতিৰ মাজত বাঁহীক ব্রাংছি হিচাপে জনা যায়। তাৰ ভিতৰত লাখৰব্রাংছি, জাপখাৰাব্রাংছি, খাৰাব্রাংছি, মুখব্রাংছি আদি প্রধান। আনহাতে খাচী সম্প্রদায়ৰ লোকসকলে ব্যৱহাৰ কৰা বাঁহীডালক শ্বৰতি হিচাপে জনা যায়। ডিমাছা সম্প্রদায়ৰ লোকে ৱাঠিছা আৰু চুফিন নামৰ দুই ধৰণৰ বাঁহী ব্যৱহাৰ কৰেকিন্তু এই সকলোবোৰৰ ভিতৰতে বড়ো সম্প্রদায়ৰ লোকে ব্যৱহাৰ কৰা বাঁহী বিধৰ নিজৰ এক সুকীয়া পৰিচয় আছে, যাক আমি চিফুং হিচাপে জানো। পাঁচটা ফুটা থকা এই বাঁহীৰ জনপ্রিয়তাও বড়ো লোকসকলৰ মাজত অধিক। চিফুং বড়ো জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্র হিচাপেই পৰিচিত।

No comments: