Sunday, August 29, 2010

"সৰুদৈয়া জাপি দুহাতে ঘূৰাই ঘূৰাই, নাচিলি নচুৱালি মোক..."


জাপি, অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। অসমৰ লোককলাৰ এক সুন্দৰ নিদৰ্শন জাপি, অসমীয়াৰ বাবে যেন এক গৌৰৱৰ প্রতীক। বিহু উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্য্যসূচীত জাপিৰ ব্যৱহাৰ আজিও প্রচলিত। বহু পুৰণি কালৰে পৰা অসমত জাপি ব্যৱহৃত হৈ আহিছে। মুলতঃ আগৰ দিনত ৰ'দ বৰষুণ আদিৰ পৰা ৰক্ষা পৰিবলৈকে জাপি ব্যৱহৃত হৈছিল।জাপি কেইবাপ্রকাৰৰো আছে, তাৰে ভিতৰত কিছুমান হ'ল বৰ জাপি, গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, সৰুদৈয়া জাপি ইত্যাদি। ইয়াৰে কিছুমান উকা আৰু কিছুমান ফুলাম। উকা বৰজাপিবোৰ সাধাৰণতে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কৃষক বনুৱা সকলে ব্যৱহাৰ কৰিছিল। আনহাতে ফুলাম জাপিবোৰ ব্যৱহাৰ কৰিছিল সম্ভ্রান্ত ঘৰৰ মানুহে। পুৰণি বিহু গীতত জাপি শব্দটোৰ প্রয়োগ ঘটিছিল বহুলভাবে।। আগৰ দিনত বিভিন্ন উৎসৱ পাৰ্বনতো সম্ভ্রান্ত ঘৰৰ মানুহে আৰু সত্রাধিকাৰ সকলে বৰজাপি ব্যৱহাৰ কৰিছিল। নাম প্রসঙ্গ আদিত খুটা এটা পুতি তাত ফুলাম বৰজাপি এটা থৈ তাৰ তলত মাহ প্রসাদ এক নিয়ম আছিল।আহোম ৰাজত্ব কালতো জাপিৰ ব্যাপক প্রচলন আছিল। বিষয়ববীয়াৰ পদৰ ওপৰত ভিত্তি কৰি জাপিৰ প্রচলন আছিল। উদাহৰণস্বৰূপে, বুঢ়াগোঁহাই, বৰগোঁহাই, বৰপাত্রগোঁহাই আদি বিষয়াসকলে সোণৰ চুলাৰে নিৰ্মত পানী জাপি আৰু টুপী জাপি ব্যৱহাৰ কৰিছিল। বৰফুকন সকলে পিন্ধিব পাৰিছিল ৰূপৰ চুলাৰে নিৰ্মিত পানী আৰু টুপি জাপি।পাছলৈ অসমীয়া সমাজত ছাতিৰ প্রচলন ঘটাত জাপিৰ ব্যৱহাৰ কমি গ'ল। অৱশ্যে এতিয়াও গাওঁ অঞ্চলত কৃষক সকলৰ মাজত বৰজাপিৰ প্রচলন দেখা যায়। পুৰণি কালত বিহু নৃত্যত জাপিৰ প্রচলন নাছিল, ই আছিল মাত্র ৰ'দ বৰষুণৰ পৰা আত্মৰক্ষাৰ এক উপায়। আজিকালি প্রায়ে বিহুত সৰু সৰু জাপি লৈ নাচনীয়ে বিহু নৃত্য কৰা দেখা যায়। এইবিধেই হ'ল সৰুদৈয়া জাপি।বিহুত জাপিৰ প্রচলন নতুন। আজিকালি হয়তো কৰ্মক্ষেত্রত জাপিৰ প্রচলন প্রায়েই নাই। কিন্তু প্রত্যেক ঘৰ অসমীয়াৰ বাসগৃহত এটাকৈ হলেও জাপি ওলমি থকা দেখা যায়, এক গৌৰৱৰ প্রতীক ৰূপে।

No comments: