Tuesday, July 27, 2010

“এয়া আকাশবাণী গুৱাহাটী”

আজিৰ পৰা বহু বছৰ ধৰি শুনি অহা এই শব্দ কেইটাৰ লগত প্রতিজন অসমীয়াৰ যেন এক আত্মিক সম্পৰ্ক চিৰ বিৰাজমান। সেই ১৯৪৮ চনৰ পৰা বৰ্তমানলৈ যেন আকাশবাণী গুৱাহাটীৰ এক দূৰন্ত যাত্রা। ১৯৪৮ চনৰ ১ জুলাইত মুকলি কৰা হৈছিল আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্র দুটা। ভূপেন হাজৰিকা, চৈয়দ আব্দুল মালিক, সত্য প্রসাদ বৰুৱা, ফনী তালুকদাৰ, বীৰেন্দ্র ৰাম ফুকন আদি যশস্বী ব্যক্তি সকলৰ পৰিচালনাৰে আৰম্ভ হৈছিল আকাশবাণীৰ কাম সমূহ। পোন প্রথমে আকশবাণীৰ কাম সমূহ কলিকতাৰ পৰা পৰিচালনা কৰা হৈছিল যদিও পাছলৈ কামবোৰ গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়। আৰম্ভ হয় অকনিহঁতৰ বাবে ‘অকনিৰ মেল’, মহিলা সকলৰ অনুষ্ঠান ‘আইদেউৰ বুলনি’ আদি বিবিধ অনুষ্ঠান সমূহ। উল্লেখযোগ্য যে মহিলা সকলৰ অনুষ্ঠান ‘আইদেউৰ বুলনি’ৰ নামাকৰণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই। অকনিৰ মেল পৰিচালনাৰ দায়িত্বত আছিল প্রখ্যাত শিক্ষাবিদ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা আৰু আইদেউৰ বুলনিৰ পৰিচালনাত আছিল মিনতি ৰাজখোৱা। এই দুটা নিয়মীয়া অনুষ্ঠানৰ বাহিৰেও সময়ে সময়ে প্রচাৰিত হৈছিল বিভিন্ন নাট, গীত-মাত, সাক্ষাৎকাৰ আদিৰ অনুষ্ঠান সমূহ। পাছলৈ নাটকৰ অনুষ্ঠান সমুহ নিয়মীয়া হৈ পৰে। আকাশবাণী গুৱাহাটীৰ পৰা প্রচাৰিত প্রথমখন নাট আছিল সত্য প্রসাদ বৰুৱাৰ ‘ধৰালৈ নামিব যিদিনা সৰগ’। গীত মাত সঙ্গীতালেখ্য আদিৰ দায়িত্বত আছিল ডঃ ভুপেন হাজৰিকা, পুৰুষোত্তম দাস, বীৰেন্দ্র ৰাম ফুকন আদি বৰেণ্য শিল্পীসকল। ডঃ মহেশ্বৰ নেওগ আৰু ফনী তালুকদাৰ দেৱৰ ‘গঞাঁ ৰাইজলৈ’ অনুষ্ঠানটো খুবেই জনপ্রিয় হৈছিল।১৯৫৩ চনত পোনপ্রথম বাৰৰ বাবে ‘অল ইণ্ডিয়া ৰেডিঅ’ ক ‘আকাশবাণী’ নামেৰে নামাকৰণ কৰা হয় আৰু লগে লগে গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ’ হৈ পৰে আকাশবাণী গুৱাহাটী। ইয়াৰ পাছতে অসমৰ জাতীয় জীৱনৰ সৈতে ওতঃপ্রোতঃ ভাৱে জড়িত হৈ ই এক জাতীয় অনুষ্ঠানৰ ৰূপ ললে। বহুতো বৰেণ্য সংগীত শিল্পী, অভিনয় শিল্পী আদিৰ পৰশত আকাশবাণী গুৱাহাটীয়ে জনমানসত এক সুকীয়া মৰ্য্যদা লাভ কৰিবলৈ সক্ষম হয়। ডঃ ভূপেন হাজৰিকাৰ সংগীতময় জীৱনৰ সিংহভাগ গীতেই জনপ্রিয় হৈছিল আকাশবাণী গুৱাহাটী কেন্দ্র যোগেদি প্রচাৰিত হৈ। তাৰোপৰি লক্ষ্যহীৰা দাস, নিৰ্মল প্রভা বৰদলৈ, বীৰেন্দ্র নাথ দত্ত, তফজ্জ্বুল আলি, জ্যোতিৰ্ময় কাকতি, কমল নাৰায়ণ চৌধুৰী, জ্ঞানদা কাকতি, তাৰিকুদ্দিন আহমেদ, ৰুদ্র বৰুৱা, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, খগেন মহন্ত, দিপালী বৰঠাকুৰ আদি বৰেণ্য শিল্পী সকল গীতৰ যোগেদি অসমৰ ৰাইজৰ মাজত জনপ্রিয় হৈছিল এই কেন্দ্রৰ যোগেদিয়েই। তাৰোপৰি অসমৰ নাট্য জগতখনো আকাশবাণী গুৱাহাটীৰ জৰিয়তে ঠন ধৰি উঠে। প্রচাৰিত হয় বহতো কালজয়ী জনপ্রিয় নাট। অৰুণ শৰ্মা, সত্যপ্রসাদ বৰুৱা, মহেন্দ্র বৰঠাকুৰ, ফনী তালুকদাৰ, ডঃ ভবেন্দ্র নাথ শইকীয়া, তৰুণ শইকীয়া আদি বিশিষ্ট নাট্যকাৰ সকলৰ নাটে প্রভূত জনপ্রয়িতা অৰ্জন কৰে জনসাধাৰণৰ মাজত। কোনে পাহৰিব পাৰে তৰুণ শইকীয়াৰ ‘গোৱৰ্ধন চৰিত’ অথবা ডঃ ভবেন্দ্র নাথ শইকীয়াৰ ‘শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট্’ৰ জনপ্রিয়তা?এয়াই আছিল আকাশবাণী গুৱাহাটী। হয়তো আজি বাণিজ্যিক এফ এম চেনেল সমুহে আকাশবাণীৰ স্থান দখল কৰিছে, কিন্তু আকাশবাণী গুৱাহাটীৰ অসমীয়া জাতীয় জীৱনলৈ যি অৱদান সেয়া সকলো অসমীয়াই সদায়ে শ্রদ্ধাৰে সুঁৱৰিব।
(আকাশবাণী গুৱাহাটী লগত জড়িত হৈ আছে অলেখ কাহিনী, আকাশবাণী গুৱাহাটী উত্থান কাহিনী। কিন্তু এটা ব্লগত হয়তো আটাইবো কথা লিখাতো অলপ জটিল কাম। সেইবাবে এটি চমু আভাস দিবলৈ প্রয়াস কৰিলো। লেখাটো প্রস্তুত কৰোতে বিভিন্ন কাকত আলোচনী সহায় লোৱা হৈছে। বহুতো নাম হয়তো বাদ পৰি যাব পাৰেক্ষমা প্রাৰ্থনাৰে...)

2 comments:

Partha said...

nicely written..it took me for a trip down the memory lane...those days are no more..we now become ruthless machines...

lila said...

I was overwhelmed in your art of portraying nostalgia in such a lively manner that i shed 40 years in a moment and became a kid.