Tuesday, July 20, 2010

এখন উচ্চ প্রশংসিত অথচ ব্যৰ্থ চলচ্চিত্রৰ কথাৰে

বহু আশাৰে ৰখি আছিলো চিনেমাখনলৈ। মন আছিল 'ফাৰ্ষ্ট দে ফাৰ্ষ্ট শ্বো' চোৱাৰ। আৰু শেষত যেনিবা সেই সুযোগটোৱেই পাইছিলো। কথাছবিখন আৰম্ভ হোৱাৰ মাত্র আধা ঘণ্টা মানৰ পাছতেই হতাশ হবলৈ ধৰিলো। চিনেমা খন আছিল অসমৰ চিনেমাজগতত শেহতীয়া সংযোজন 'শ্রীমন্ত শঙ্কৰদেৱ'। বহু আশা আছিল এইখন চলচ্চিত্রৰ পৰা। শ্রীমন্ত শংকৰদেৱৰ সুবিশাল কৰ্মৰাজিক বিশ্ব দৰ্শকৰ সন্মুখত উপস্থাপন কৰাৰ এক সুন্দৰ সুযোগ পাইছিল প্রযোজক পৰিচালকে। কিন্তু ব্যৰ্থ হ'ল। এটা কথা বুজাত অসুবিধা হ'ল 'শ্রীমন্ত শংকৰদেৱ' খন চলচ্চিত্র হিচপে নিৰ্মান কৰা হৈছিল নে তথ্যচিত্র হিচাপে নিৰ্মান কৰা হৈছিল? কাৰণ এইখন, চলচ্চিত্রতকৈ এখন তথ্যচিত্র হিচাপেহে ভালদৰে প্রতিষ্ঠত হৈছিল। শুনা গৈছিল বহু বছৰ গবেষণাৰ অন্তত কথাছবি খন নিৰ্মান হৈছিল। কিন্তু তাৰ ছাঁ টোকে দেখা নগল। কথাছবি খনত যিখিনি দেখুওৱা হ'ল সেইখিনি সৰ্বজনবিদিত। নতুনত্ব একো নাই। বেছিভাগ ঘটনাই চৰিত্রবোৰৰ মাজেৰেই বৰ্ণনা কৰা হ'ল। সেই ঘটনাবোৰ যদি পৰ্দাত অঙ্কিত কৰা হ'লহেঁতেন নিশ্চয় অলপ হলেও আকৰ্ষণ কৰিলেহেঁতেন। কাৰণ আজিকালি উচ্চ প্রযুক্তিয়ে সেইখিনি সম্ভৱ কৰি তুলিছে। মলয়া গোস্বামী আৰু অন্য দুটিমান চৰিত্রৰ বাহিৰে অভিনয়ৰ মানদণ্ড অতি নিম্নখাপৰ বুলিয়ে গন্য কৰিম। শংকৰদেৱ আৰু খেৰসুতী আইক পৰ্দত সঠিক ৰূপত উপস্থাপন কৰাত 'মেক আপ মেন' বৰ বেয়াকৈ বিফল হ'ল। সংগীতেই যি অলপ ভাল হৈছিল, সেয়াও আছিল গুৰুজনাই ৰচনা কৰা বৰগীত হে। একেঘেয়ামী সংলাপ বোৰেও খুবেই বিৰক্ত কৰিছিল। কিন্তু মই এটা কথা দেখিহে আচৰিত হৈছো, এইখন কথাছবিক অসমৰ বাতৰি কাকত সমূহত উচ্চ প্রশংসা কৰা হৈছে। আৰু এনেদৰে লেখাবোৰ উপস্থাপন কৰা হৈছে যেন কথাছবি খনত একো ভুল নায়েই। কিছুমানে আনকি চলচ্চিত্র খন নোচোৱাৰ বাবে জনসাধাৰণক চোকা সমালোচনা কৰিছে। চলচ্চিত্র খন যদি সঁচাকৈয়ে ভাল লাগিল হেঁতেন তেন্তে মই নিশ্চয় আনকো কলোহেঁতেন চাবলৈ।কিন্তু মই নিৰুপায়। জোৰ জবৰদস্তি এনে এখন চিনেমা চাব নোৱাৰি। এজন 'চিনেমা বলীয়া' হিচাপে ইয়াকে কম। হয়তো মহাপুৰুষ জনাৰ কাহিনী কাৰণেই তেখেতসকলে চিনেমা খনৰ সঠিক সমালোচনা কৰাত অলপ অসুবিধা পাইছে। কিন্তু এইগৰাকী মহাগুৰুক আৰু ভালদৰে কথাছবি খনৰ মাজেদি উপস্থাপন কৰাৰ যথেষ্ট থল আছিল। আমি যদি এখন চিনেমাৰ দিশেৰে চাওঁ, তেন্তে এইখন সম্পুৰ্ণ ব্যৰ্থ চিনেমা। শংকৰদেৱৰ জীৱনটো জানো মহাত্মা গান্ধীৰ জীৱনতকৈ কম ঘটনাৰে পৰিপুৰ্ণ? কিন্তু এটেনবৰে গান্ধীক এনেদৰে উপস্থাপন কৰিলে, যিখন চিনেমা এতিয়া সৰ্বকালৰ এখন সৰ্বশ্রেষ্ঠ চিনেমা হিচাপে গন্য কৰা হয়।কিন্তু আমাৰ ইয়াত এটেনবৰৰ গান্ধী নালাগে, চলচ্চিত্র হিচাপে শংকৰদেৱ খন অলপ ভালদৰে চাব পৰাটোৱেই আমাৰ কাৰণে এক ভাল সুযোগ আছিল।কিন্তু সেয়া হৈ নুঠিল। শঙ্কৰদেৱৰ ১২০ বছৰীয়া জীৱনকাল চলচ্চিত্র ৰূপত অঙ্কিত কৰাটো সঁচাকৈয়ে এটি অতি জটিল কাম। কিন্তু যিখিনি উপস্থাপন কৰা হৈছিল সেইখিনিকে অলপ ভালদৰে উপস্থাপন কৰাৰ থল আছিল। প্রযোজক পৰিচালকক এটা কাৰণতেই ধন্যবাদ দিম, তেওঁলোকে গুৰুজনাৰ নামত এখনি কথাছবি নিৰ্মান কৰিবলৈ আগবাঢ়ি আহিল।

(মই কোনো চলচ্চিত্র সমালোচক নহয়। কথাছবি খন চাই উঠাৰ পাছত, এজন দৰ্শক হিচাপে এইখিনি সম্পুৰ্ণ মোৰ মনৰ অনুভৱ। হয়তো কোনোবাই কথাছবি খন চাই ভাল পাইছে। তেখেত সকললৈ ক্ষমা প্রাৰ্থনাৰে)

4 comments:

Anuraag said...

hmm...interesting .. had much high hope from the film ...well..it's a disappointment.assamese film industry inspite of having much facilities and technical help..is still lagging behind in terms of cinema making ..

beberibang said...

সম্পুর্ণ সচা কথা লিখিছা,আছলতে ইমান ডাঙৰ প্রজেক্ট এটা ললে ডাঙৰ বাজেত আৰু টেলেন্ট লৈ কৰিব লাগে।হয়তো চিনেমাখন ভাল চিনেমা হৈছে আমাৰ ভিচিডি এদিক্ট মানুহবোৰৰ বাবে।কিন্তু শংকৰদেৱ ভিচিডিৰ পৰিসৰতকৈ বহু ডাঙৰ আৰু আমাৰ মানত শংকৰদেৱৰ ওপৰত বনোৱা চিনেমাখনৰ পৰিষৰ 'গান্ধী' 'ডা লাষ্ট এম্পেৰৰ'ৰ দৰে বায়োপিক হব লাগিছিল যাতে বিশ্ব দৰবাত চিনেমাখন আৰু শংকৰদেবক আমি বিকু ফিন্দাই দেখুৱাব পাৰো।কিন্তু এইখন চিনেমা নাঈৰত দেখুৱালে মানুহে কব - he is just another Guru prevelant everywhere in India

Bikram M Baruah said...

জালপঞ্জী বৰ সুন্দৰ হৈছে৷ ইমানবোৰ আমোদজনক প্ৰৱন্ধ থকা এই জালপঞ্জী যাতে আৰু সফল হওক৷

হিমজ্যোতি said...

ধন্যবাদ