Friday, July 16, 2010

'দৈনন্দিন',মই আৰু দিল্লী মেট্র'

দিল্লীত বাচ অথবা মেট্রৰেলত ঘূৰোতে মই প্রায়েই সদায় পিঠিত বেগ এটা ওলোমাই লৈ ঘূৰাটো এটা নিয়মেই যাতে বেগত আধা পঢ়া গল্প, উপন্যাস অথবা প্রান্তিক সাতসৰী আদিবোৰ লৈ ফুৰিব পাৰো। বিশেষকৈ মেট্রৰেলত বৰ ধুনীয়াকৈ সময়খিনি কটাব পাৰি কিতাপ আলোচনীৰ মাজত ডুবি থাকি। যোৱাবছৰৰ ঘটনা, মেট্রৰেলত সদায় পঢ়াৰ দৰে সেই মাহৰ প্রান্তিক খন উলিয়াই ললো। প্রথমেই মই প্রান্তিক খনত শেষ পৃষ্ঠাটো পঢ়ো, তাৰ পাছতে এজন নিৰ্দিষ্ট লেখকৰ লেখা বিচাৰো, ডঃ ভৃংগেশ্বৰ শৰ্মাৰ 'দৈনন্দিন'। এইজনেই এগৰাকী লেখক যাৰ লেখা পঢ়ি প্রানখুলি হাঁহিব পাৰি। আছিল, সেইটো সংখ্যাত আছিল ভৃংগেশ্বৰ শৰ্মাৰ 'দৈনন্দিন' এটা। আৰম্ভ কৰিলো তেওঁৰ লেখা পঢ়িবলৈ। আশে পাশে পৰিবেশটো অলপ নিৰীক্ষন কৰি ললো। ওচৰে পাজৰে অজস্র লোক। মইও লাহে লাহে ভৃংগেশ্বৰ শৰ্মাৰ লেখনীত ডুব যাবলৈ ধৰিলো। মাজে মাজে মিচিক মাচাক হাঁহি। মন কৰিছিলো মোৰ কাষত থকা পাঞ্জাবী চৰ্দাৰজী জনে প্রান্তিক খনৰ পৃষ্ঠাটো চকু ফুৰাই কিনো লিখা আছে চাবলৈ বৃথা চেষ্টা কৰিছিল।ৰুমাল খন উলিয়াই ললো। অনুভৱ কৰিলো, এনেকৈ মিচিক মাচাক কৰি থকা্টো ভাল দেখা নাই। কিন্তু কিমান পৰ? হঠাৎ কথা নাই বতৰা নাই মুখেদি অট্টহাস্য এটা ওলাই গল, হাতৰ ৰুমাল চিটিকি কোনোবাখিনিত পৰিল। অলপ সময়ৰ পাছতে উপলব্ধি কৰিলো, মেট্রৰেলৰ সেই ডবাটোৰ আটাইবোৰ যাত্রীয়ে মোৰ মুখলৈ মুখ মেলি চাই আছে, কি হৈছে একো তত ধৰিব পৰা নাই তেওঁলোকে। তেতিয়াহে ভাবিলো ইমান জোৰকৈ হাঁহিব কিহে পাইছিল? মোৰ সেই সময়ত অৱস্থা কি হৈছিল বুজাবলৈ ভাষা বিচাৰি পোৱা নাই। একেবাৰে 'ফাট মেলা বসুমতী, পাতালে লুকাও' অৱস্থা। মুৰটো কেইছেকেণ্ড মান তল কৰি থাকিলো। ভাগ্য ভাল সেই সময়তে 'পেটেল নগৰ মেট্র ষ্টেচন' পোৱাৰ কথা ঘোষণা কৰিলে ঘোষিকাই। গন্তব্য স্থান পোৱাৰ আগতেই নামি দিলো। আৰু অলপ সময় তাত থাকিলে লাজতে যেন মই মুছকছ হে হৈ যাম। মেট্রৰেলৰ পৰা নামি কেৰাহিকৈ ডবাটোলৈ চালো। তেতিয়াও দুজনমানে মোলৈকে চাই আছিল মুখ মেলি। পুনৰ তল মুৰ কৰি ৰখি থাকিলো বেলেগ এখন ট্রেইনৰ অপেক্ষাত আৰু শপত খালো কেতিয়াও বাচ অথবা মেট্রৰেলত ভৃঙ্গেশ্বৰ শৰ্মাৰ লেখনি নপঢ়ো।


1 comment:

বুলজিৎ said...

ভাল লাগিল পঢ়ি ।

বুলজিৎ