Wednesday, June 30, 2010

চিগাৰেটৰ পেকেটত লিখা সেই কালজয়ী গীতটি

১৯৬০ চন। উজানবজাৰৰ এখন বিয়াঘৰত লগ হৈছিল অসমীয়া সাংস্কৃতিক জগতখনৰ কেইবাজনো স্বনামধন্য ব্যক্তি। হীৰেণ ভট্টাচাৰ্য্য, ডঃ নিৰ্মল প্রভা বৰদলৈকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি। বিয়াঘৰত একেলগে বহি আড্ডা দি থাকোতেই হঠাতে হীৰেণ ভট্টাচাৰ্য্য দেৱে এটা প্রস্তাৱ দিলে গীত এটি ৰচিবলৈ। কিন্তু গীতটি ৰচনা কৰিব লাগিব তিনি মিনিটত আৰু সুৰো দিব লাগিব তিনি মিনিটত। কথামতে কাম। ডঃ নিৰ্মল প্রভা বৰদলৈ বাইদেউৱে গীতটি লিখাৰ দায়িত্ব ল'লে। কিন্তু লিখিবলৈ একো কাগজ বিচাৰি নোপোৱাত হীৰেণ ভট্টাচাৰ্য্য দেৱে আগবঢ়াই দিয়া তেখেতৰ খালী চিগাৰেট পেকেটৰ ভিতৰছোৱাতে নিৰ্মল প্রভা বৰদলৈ বাইদেউৱে গীত লিখা কাম আৰম্ভ কৰিলে।বিয়াঘৰৰ মণ্ডপত কলপুলিৰ আগবোৰ বতাহে কোবাই আছিল। সেই দৃশ্যটো চাই চায়েই তিনিমিনিটত গীত এটি লিখি উলিওৱা হ'ল। এতিয়া সুৰ দিয়াৰ দায়িত্ব পৰিল তাত উপস্থিত থকা জয়ন্ত হাজৰিকা দেৱৰ ওপৰত। তেখেতেওঁ তিনি মিনিটতে গীতটি সুৰ দি উলিয়ালে। সৃষ্টি হ'ল এটি কালজয়ী গীতৰ - 'আগলি বতাহে কঁপালে কলৰে পাত'



আগলি বতাহে কঁপালে কলৰে পাত (কণ্ঠ আৰু সুৰ : জয়ন্ত হাজৰিকা, কথা : ডঃ নিৰ্মল প্রভা বৰদলৈ)



6 comments:

Achtung said...

এই যুগজয়ী গানটোৰ আঁৰৰ কাহিনী আগতে শুনা নাছিলো।ধন্যবাদ হিম।

prabwal jyoti phukon said...

kimandur xuddho najanu( highschool't thakute amak axomia porhua baideu agorakir mukhot xuna kotha),biakhon bule Nabakanta Baruah'r asil.aru heikhon biar ja jugaror namote bule Hirudai BA final xm'ei nidiakoi asil.kimandur xuddho najanu. Himda, apuni kiba jane neki ai bikhoye?

হিমজ্যোতি said...

বিয়াখনন কাৰ আছিল সেই সম্পৰ্কে মই জ্ঞাত নহয়। কিন্তু নৱকান্ত বৰুৱা দেৱৰ আছিল যেন মনে নধৰে।তথপি কাৰোবাক সুধি কথাটো নিশ্চিত হ'ব লাগিব।

prabwal jyoti phukon said...

kothatu xuddho nuhuatue muru mone dhorise.karon lihito rupot ajiloike ai bikhoye kotu aku porhiboloi puwa nai.hoytu ata amudjonok aru smoroniyo ghotonar logot dui ata rohon aneye ketiaba han khuar ji probonota thake, thik tenekuai hobo jen lage kothatu.ju ki nohouk himdaloi ane ata monugrahi lekha upohar diar babe akhekh dhanyobad thakil.

Dhruba said...

এই ধুনীয়া কাহিনীটিৰ বাবে হিমলৈ THNX...

Shyamal said...

ধন্যবাদ হিমজ্যোতি, এনেকুৱা আৰু বহুত নজনা কথা জনাৰ অপেক্ষাত.....