Tuesday, June 29, 2010

প্রসংগ : আলফা চৰকাৰ আলোচনা



আমি সদায় আশাক লৈয়ে জীয়াই থাকো আৰু সদায় থাকিম। আশাবোৰ সোনকালে সফল হোৱাটো সকলোৱে বিচাৰো। অসমৰ ৰাইজো আজি আশাবোৰক লৈয়ে জীয়াই আছে। তেনে বহুতো আশাবোৰৰ মাজৰে এটা আশা হ’ল আলফা-চৰকাৰ আলোচনা খন। বহুতে বহু চেষ্টা কৰিলে। সেই মামনি ৰয়চম গোস্বামীৰ ‘পিচিজি’ ৰ পৰা এতিয়াৰ হীৰেণ গোঁহাইৰ ‘সন্মিলিত জাতীয় অভিবৰ্তন’লৈকে। ‘সন্মিলিত জাতীয় অভিবৰ্তন’ কিছু দূৰ আগবাঢ়িছেও প্রস্তাৱিত শান্তি আলোচনাক লৈ। কিন্তু এতিয়াও যেন বহু দূৰ বাট বাকী। দুটা মুখ্য কাৰকে এই শান্তি আলোচনা খনত বাধা দি আহিছে। ‘সাৰ্বভৌমত্ব’ আৰু ’বন্দী মুক্তি’। চৰকাৰে সাৰ্বভৌমত্বৰ ওপৰত কোনো আলোচনা নিবিচাৰে, কিন্তু আলফা আঁকোৰগোজ। বিশেষকৈ পৰেশ বৰুৱা। আনহাতে চৰকাৰৰ নিজৰ মাজতেই খেলিমেলি, বন্দী মুক্তি কৰিবনে নাই? দিল্লী আৰু দিচপুৰৰ মাজত ল’ৰা ধেমালি খন এতিয়াও চলি আছে। কাৰো সাহস নাই ‘বন্দী মুকলি কৰি দিবলৈ, কাৰণ বন্দী যদি হাবিলৈ পলাই গৈ পুনৰ বন্দুক তুলি লয় তেতিয়া সেই দায়িত্ব মূৰ পাতি লবলৈ কোনেও নিবিচাৰে। এতিয়া আহো সাৰ্বভৌমত্ব প্রসংগলৈ। আলোচনা এটা কৰোতে এই বিষয়টো উত্থাপন কৰিব নোৱাৰাৰ যুক্তি ক’ত? আলোচনা কৰাত বাধা কি?আলোচনা কৰাটোত এইটো নুবুজাই যে দাবীটো মানি লবই লাগিব। আমিনো আলফাক আলোচনাৰ পৰা আঁতৰিবলৈ সুযোগ দিওঁ কিয়?বন্দী মুক্তিৰ কাৰণেও চৰকাৰে ব্যৱস্থা লব লাগে। যাতে আলোচনা থমকি নৰয়। বন্দী মুক্তি দিয়াৰ পাছত আলফাই যদি বিশ্বাসঘাটকতা কৰে, তেন্তে তাৰ বাবে দায়ী হব মাথো আলফা, চৰকাৰ নহয়। কিন্তু এটা কথা ঠিক যে বন্দী মুক্তি কৰি আলোচনাত বহাটোহে অধিক ফলপ্রসূ হ’ব। এতিয়া আহো পৰেশ বৰুৱা প্রসংগলৈ, চৰকাৰে কৈ আহিছে, পৰেশ বৰুৱা নোহোৱাকৈয়ো আলোচনা সম্ভৱ, কিন্তু চৰকাৰে এবাৰ হলেও ভাবি চাইচেনে যে, পৰেশ বৰুৱা এতিয়াও চৰকাৰৰ হাতৰ মুঠিৰ বাহিৰত, আলফা হয়তো আগৰ দৰে শক্তিশালী হৈ থকা নাই, কিন্তু বহিৰাগত শক্তিৰ সৈতে পৰেশ বৰুৱা এতিয়াও শক্তিশালী। বন্দী আলফা সকলৰ লগত আলোচনা কৰি কিবা সমাধান ওলালেই যেনিবা, যদি পৰেশ বৰুৱাই সেইটো মানি নলয় আৰু অসমত তেজৰ নদী বৈয়েই থাকে তেন্তে সেয়া আলোচনাৰ সফলতা ক’ত?গতিকে দুয়োপক্ষই নমনীয় স্থিতি গ্রহন কৰক আৰু শান্তি আলোচনা আৰম্ভ হওক। আলফা চৰকাৰৰ প্রায় ৩০ বছৰীয়া এই যুঁজ খনত হাজাৰ হাজাৰ নীৰিহ নিহত হ’ল। অসমৰ ৰাইজে এতিয়া অলপ শান্তি বিচাৰে।এইটোৱেই অসমৰ ৰাইজৰ বৰ্তমান প্রধান আশা। বৰুৱাদেৱ, তেজৰ ফাকু বহু খেলিলে, এতিয়া আলোচনাৰ মেজলৈ আহক। আৰু গগৈদেৱ, দিল্লী-দিচপুৰৰ মাজত ফুটবল খেলখনত এগৰাকী ৰেফাৰী হিচাবে ভূমিকা গ্রহন কৰক, খেলুৱৈ হিচাবে নহয়।

2 comments:

prabwal jyoti phukon said...

himda, kothakhini porhilu.ata prakhongik lekhar kotha monoloi ahil,kisudin agote Phanindra Kumar Debachoudhuryr ata nibondho porhisilu 'Akeloge sinta koru ahok'(grantha 'Bhalpuar Joygan').tat 'dilogue' xobdotur ata hundor bishlekhon agborhai amar tothakothito 'alusona'r logot 'dilogue'r parthokyo khub xundorkoi anguliai dise. Amar tothakothito alusonaburot xokolure kebol ego'i pradhyanyo biraj kori thokar dore lage.protitu gusthie nijor motobadote khuamusi dhori jiman pari torko bitorkor namot (media value'ru kotha thake)hulosthul kori nijor motadorkho habysto koribo khuje.folot ane ata dharonar sristi hoy, alusonar hekhot kunuba joyee kunba porajito hobo ji homogro pokriyatuke arthohin kori tule.parile apuni nibondhotu porhi sabosun( itimodhye hoytu apuni porhi sabou pare !).

হিমজ্যোতি said...

প্রৱাল,ধন্যবাদ। লেখাটো পঢ়া নাই। সুবিধা পালে নিশ্চয় পঢ়িম।