Thursday, December 23, 2010

এই অধমৰ জীৱন সোঁৱৰণ

     কোনোবাই ঠিকেই কৈ গৈছে, সময় হেনো পাখি লগা কাঁড়ৰ দৰে। কোন মূহুৰ্তত পাৰ হৈ যায় ধৰিবই নোৱাৰি। এটা দশকনো কেনেকৈ পাৰ হৈ গল কোনেও তলকিবই নোৱৰিলে। ২০০০ চনটো আৰম্ভ হৈছিল অতি ভয়ংকৰ ভাৱে। দহ বছৰীয়া স্কুলীয়া কাৰাবাস খটাৰ পাছ্ত সময় আহিছিল মেট্ৰিক পৰীক্ষাৰ। দুবছৰীয়া পাঠ্যক্ৰমৰ শেষ পৰীক্ষা। একেলগে দুবছৰৰ পাঠ্যক্ৰম!! Masters Suggestion, Masters Test Papers, মুখস্থ, অঙ্ক অনুশীলন, উফ!! এইবোৰৰ মাজত ঘূৰি ফুৰোতে ২০০০ চনটো আদৰিলৈ নাপালোৱেই। স্কুল বাদ দি কলেজীয়া লাইফ। অৰ্থাৎ ল’ৰা ডাঙৰ হ’ল। স্কুলীয়া Hero Impact চাইকেল খন বাদ দি অলপ ওখ চাইকেল এখন কিনিলো। ডাঙৰ হ’লো যে! কলেজ লাইফ বোলে বিন্দাচ্’। কিন্তু ক’তা? পদাৰ্থ বিজ্ঞান, সায়ন বিজ্ঞান, অঙ্ক এইবোৰৰ বোজাটো কঢ়িয়াই চাইকেলৰ পেডেল মাৰোতেই গ’ল। টিউশ্বন নহলে প্রেক্টিকেলত মাৰ্ক নাপায় যে! অৱশ্যে থিঅ’ৰী’ত এনেও কম মাৰ্কেই পাইছিলো(প্রেক্টিকেল জিন্দাবাদ!)। পদাৰ্থ বিজ্ঞান, সায়ন বিজ্ঞান কি বস্তু বুজিবলৈ চেষ্টা কৰি থাকোতে কেতিয়ানো চূড়ান্ত পৰীক্ষা আহি গ’ল গমকে নাপালো। পৰীক্ষা দিলো পাছ কৰিলো। এনেও মানুহে পৰীক্ষাত পাছ কৰিবলৈকে পঢ়ে। তা পাছত আহিল উৰ্বকেৰিয়া বনোৱাৱ’। ঘ উদুলি মুদুলি, আলহীৰে। মানে ল’ৰাই কি পঢ়িব তা খব লোৱা মানুহ। মায়ে চাহ বনাই বনাই আলহী আদৰোতেই গ’ল দুমাহমান। নানা মুনি নানা মত। বায়টেকনলজী, মাইক্রবায়লজি, মেডিকেল, ইঞ্জীনিয়াৰিং এইবো শব্দই ২৪ ঘণ্টাই মূৰত ভ্রমি ফুৰিবলৈ আম্ভ কৰিলে। অমুকৰাই মেডিকেল পঢ়ি আছে, তমুকৰাই ইঞ্জিনিয়াৰিংঢ়ি আছে, অমুক দিল্লীত, তমুক বাংগালো। উফ্!! দুমাহ মান Career Guide কিতাপবোৰ কিনি আনি খুব পঢ়িলো। শেষত ঠিক কৰিলো মেডিকেল পঢ়িম, Entrance Exam দিম। দিলো, নোৱাৰিলো উত্তীৰ্ণব। বিজ্ঞা প্রতি মোহ ভঙ্গ হ’ল সিমানতে। এইখিনি সময়তে ইন্টানেট পৃথিবীখনত সোমাইছিলো। শিকিছিলো য়াহু মেছেঞ্জাকথা পাতিবলৈ, মানে কথা লিখিবলৈ, মেইল দিয়া নিয়া (হিয়া নহয় দেই!) এইবোৰ। সেইখিনি সময়ত ইন্টানেট জনা মানে খুব পণ্ডিত মানুহ আৰু তেতিয়াই আমাত পোন প্রথম বাৰৰ বাবে সোমাইছিল অইন এজন অতিথি। LG প্রকাণ্ড কম্পিউটা এটা। 256 MB RAM ৪৫০০০ হাজা টকীয়া!( আজি দিনত মনত পৰিলে চকুলো ওলাই যায় একদম্!) পাছত তৰুণ গগৈ দেৱৰ কৃপাত ঘত আৰু দুটা কম্পিউটা সোমালহি (ভন্টি দুজনীয়ে মেট্রিক পৰীক্ষাত সুখ্যাতিৰেত্তীৰ্ণ হোৱাৰ সুবাদত!)।শেষত ঘত কম্পিউটা বো থাকিব নে মানুহ থাকিব এনে এটা অস্থা!! আন এটা বিস্ফোণ ঘটিল তেতিয়া, যেতিয়া স্নাতক শাখাত অৰ্থনীতি বিষয়ত নাম ভৰ্তিৰিলো। বিজ্ঞা ল’ৰাই কলা শাখাত নাম ভৰ্তিৰিলে, বহুতে নাক কোঁচালে। কিন্ত সেইটোৱেই হয়তো উচিত সিদ্ধান্ত আছিল, যিটোত ঘৰৰৰা পাইছিলো পূৰ্ণ সহযোগিতা। তেনেদৰেই আম্ভ হৈছিল প্রকৃত কলেজীয়া জীন আৰু সেই তিনিবছ আছিল ১০ বছৰৰ আটাইতকৈ মধুতম সময়। ছা বাইদেউ সকল, বন্ধু বান্ধব আদিমে জীপাল কৰি ৰাখিছিল তিনিটা বছ ৰ্থনীতি বিভাগ আমা batch টোয়ে যে কিমান গালি খাইছিল, ক্লাছত বহি আড্ডা মাৰি থকা বাবে! কলেজীয়া সময়খিনি বোলে কবিতা লিখা সময়। ওহো! নোৱাৰিলো। কবিতা লিখিবলৈ চেষ্টা কৰোতে সেইবো ধেমেলীয়া পদ্য হৈ যায়গৈ। বাদ দিলো! কলেজত থকা সময়খিনিত কুইজ, বিভিন্ন লিখা মেলা, ছঁবি অকা এইবো কিন্তু খুউব ভাল পাইছিলো। কলেজত থকা সময়তে BSNL কৃপাত মোবাইল ফোনপাত। প্রথম মোবাইল ফোন আহিছে গুৱাহাটী বাহিৰে অসম অইন অইন ঠাইত। উপাত নহবনে। কোনে কিমান জোত মোবাইল ফোন ৰিংটোন বজাব পাৰে, মোবাইল ফোন নথকা জন সন্মুখত কিমান জোৰেৰে চিঞঁৰি কথা কব পাৰে তাৰে যেন এক অঘোষিত প্রতিযোগিতাহে। নোৱাৰিলো, এইবো সহি থাকিবলৈ কলেজীয়া শিক্ষা সাং কৰাৰ আগে আগে দেউতাই কিনি দিছিল Sony Ericsson দামী মোবাইল এটা, যিটো পকেটৰাই চুৰিৰি নিলে দিল্লী বাচৰা। (তা দুখতে সেইদিনা থকা পৰিসংখ্যা বিজ্ঞা শ্রেণী পৰীক্ষাৰ প্রশ্নকাকতত  জীনত প্রথম বাৰৰ কাণে  ০’ পাইছিলো)। স্নাতক শিক্ষাৰ পাছতে ২০০৭ চনত বিশ্বনাথ চাৰিআলিৰা পোনে পোনে নতুন দিল্লীলৈ প্রমোচন। দিল্লী কথানো কি কম আৰু! যান্ত্রিক জী মাজত পঢ়া শুনা সমাপ্ত কৰিলো!! এনেবো স্মৃতিৰেই পা হৈ গ’ দহটা বসন্ত। কি পালো কি নাপালো হিচাপ নকৰো! কিন্তু শেষত এটা বস্তুয়েই হৈ পৰিছিল মো বাবে দশকটো শ্রেষ্ঠ উপহা, এনাজৰীট্ম্ (www.enajori.com)। বহুদিনীয়া এটা সপোন যেন এক বাস্ত ৰূপ। যি এতিয়া বন্ধু বান্ধ শুভাকাঙ্খী আদিৰ সহযোগিতা, শুভেচ্ছা আৰুসাহত আগবাঢ়ি গৈছে।

     অ’হ! আত্মজীনী লিখিলো নেকি বাৰু? ব্যক্তিগত ব্লগ সেইকাণেই ভাল নিজ জীসোঁৱৰণ, ব্যক্তিগত অনুভুতিবো কোনো বাধা নোহোৱাকৈ লিখি যাব পাৰি। নাই যদি এটা বনাই লওঁশীঘ্রেই!

Sunday, December 19, 2010

দশকৰ শ্ৰেষ্ঠ ১০- (৪)

হিন্দী বোলছবিৰ গীত

১ গীত: Baanwara Mann
   কথাছবি: Hazaaron Khwaishein Aisi  (2005)
   শিল্পী: Swanand Kirkire
   সংগীত: Shantanu Moitra
   কথা: Swanand Kirkire


গীত: Maula Mere Maula
   কথাছবি: Anwar (2007)
   শিল্পী: Roop Kumar Rathod

   সংগীত:Mithun Sharma
   কথা: Sayeed  Qadri

গীত: Kal Ho Naa Ho
   কথাছবি: Kal Ho Naa Ho (2003)
   শিল্পী: Sonu Nigam

   সংগীত: Shankar Mahadevan, Ehsaan Noorani and Loy Mendonsa
   কথা: Javed Akhtar


গীত: Kabhi Kabhi Aditi
   কথাছবি: Jaane Tu Ya Jaane Naa (2008)
   শিল্পী: Rashid Ali

   সংগীত: A.R. Rahman
   কথা: Abbas Tyrewala

গীত: Allah Ke Bande
   কথাছবি: Waisa Bhi Hota Hain Part II (2003)
   শিল্পী: Kailash Kher

   সংগীত: Vishal Sekhar

গীত: Maa
   কথাছবি: Taare Zameen Par (2007)
   শিল্পী: Shankar Mahadevan

   সংগীত: Shankar Mahadevan, Ehsaan Noorani and Loy Mendonsa
   কথা: Prasoon Joshi

গীত: Azadi
   কথাছবি: Netaji The Forgotten Hero (2005)
   শিল্পী: A.R. Rahman

   সংগীত: A.R. Rahman
   কথা: Javed Akhtar

৮  গীত: Behti Hawa Sa Tha Woh
   কথাছবি: 3 Idiots (2009)
   শিল্পী: Shantanu Moitra and Shaan

   সংগীত: Shantanu Moitra
   কথা: Swanand Kirkire

৯  গীত: Mujko Dubh Jaana Re
   কথাছবি: Main Meri Patni Aur Woh (2005)
   শিল্পী: Shreya Ghoshal & Sonu Nigam

   সংগীত: Sanjay Jaipurwale
   কথা: Rocky Khanna

১০ গীত: Jaane Kya
   কথাছবি: Pyar Ke Side Effects (2006)
   শিল্পী: Zubin Garg

   সংগীত: Pritam Chakraborty
   কথা: Mayur Puri

(*Original Song : 'Mahi' by Hadiqa Kiyani)




  Powered by     eSnips.com 

(কাৰিকৰী অসুবিধাৰ বাবে কিছুমান গীত আপলড কৰিব পৰা নগ'ল)



বি.দ্র. এই তালিকাখন মোৰ ব্যক্তিগত বাচনিৰ ভিত্তিত প্রস্তুত কৰা হৈছে।দৰ্শকৰ প্রিয় অইন বহু বাচনি বাদ পৰি যাব পাৰে। তাৰ বাবে ক্ষমাপ্রাৰ্থী। পঢ়ুৱৈ সকলে তেওঁলোকৰ নিজা পচন্দবোৰ জনালে নথৈ আনন্দিত হ’ম।

  

Saturday, December 18, 2010

'দশকৰ ১০'- (৩)

যি দহটা ঘটনাই সলনি কৰিছিল বিশ্বৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভৌগোলিক আৰু সামাজিক অৱয়ৱ

১  ৯/১১ : যিয়ে সলনি কৰি পেলাইছিল সমগ্র বিশ্বৰ ৰাজনৈতিক দৃশ্যপট

২  অৰ্থনৈতিক মন্দাৱস্থা : বিশ্ব অৰ্থনীতিত যিয়ে লগাইছিল হাঁহাকাৰ

৩  চুনামি : যিয়ে সলনি কৰি দিছিল দক্ষিণ এচিয়াৰ ভৌগোলিক অবয়ৱ

৪  ছ'চিয়েল নেটৱৰ্কিং : দৈনন্দিন জীৱনৰ বৰ্তমান যি এক অপৰিহাৰ্য্য অংগ

৫  গুজৰাট সাম্প্রদায়িক সংঘৰ্ষ : মানৱতাৰ অপমৃত্যু



৬  শক্তিশালী চীন : বিশ্ব মানচিত্রত চীনৰ অভুদ্যয়

৭  উইকিলিক্স : যিয়ে কপাঁই আছে সমগ্র বিশ্বৰ ৰাজনৈতিক মহল

৮  ইউৰো : ইউৰোপত নতুন মুদ্রাৰ আবিৰ্ভাৱ

৯  কলম্বিয়া মহাকাশযান দুৰ্ঘটনা : য'ত হাৰ মানিছিল বিজ্ঞানে

১০ গুগল : ইন্টাৰনেটত গুগলৰ ৰাজত্ব

বি.দ্র. এই তালিকাখন মোৰ ব্যক্তিগত বাচনিৰ ভিত্তিত প্রস্তুত কৰা হৈছে।

Friday, December 17, 2010

বুকু হম হম কৰে মোৰ আই

কথাছবি : মণিৰাম দেৱান (১৯৬৪)
কথা, সংগীত, কণ্ঠ : ভূপেন হাজৰিকা


Buku Hom Hom Kore....


বুকু হম হম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই
পুত্ৰ হৈ মই কি মতে তৰো
আই তোৰে হৈ মই মৰো

দেশৰে চন্দ্ৰমা কাল এন্ধাৰে আৱৰে
অগণি কালিকা দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে

বজ্ৰ সম দৃঢ় আই চৌপাশৰে গড়
চৌপাশৰে গড় ভেদিম কিঞ্চিতো নাই পৰ
যাচিম সান্তনা আই মুক্তি প্ৰভাতেৰে
থাপিম থাপনা আই শোণিত তিয়াগেৰে

Tuesday, December 14, 2010

'দশকৰ শ্ৰেষ্ঠ ১০'- (২)

অসমীয়া গীত

১ সন্ধ্যা যেতিয়া নামে - অংগৰাগ মহন্ত
২ ক'ৰ এজাক সপোন যেন বৰষুণ - অনিন্দিতা পাল
৩ মায়াবিনী ৰাতিৰ বুকুত - জুবিন গাৰ্গ
৪ বুকুৱে বুকুৱে আছে যে চিৰকাল - চাজু
৫ মন যায় - জুবিন গাৰ্গ
৬ আনে যোৱা বাটে নোযোৱা - জুবিন গাৰ্গ
৭ সৰা ফুল বকুলৰ - অংগৰাগ মহন্ত
৮ মোৰ ফাগুন আছেহি আহি ৰৈ (ৰিমেক) - জুবিন গাৰ্গ
৯ ৰিমিঝিমি বাৰিষাতে - জুবিন গাৰ্গ
১০ আহ ঐ আহ - দীক্ষু


  Powered by     eSnips.com 

বি.দ্র. এই তালিকাখন মোৰ ব্যক্তিগত বাচনিৰ ভিত্তিত প্রস্তুত কৰা হৈছে।দৰ্শকৰ প্রিয় অইন বহু বাচনি বাদ পৰি যাব পাৰে। তাৰ বাবে ক্ষমাপ্রাৰ্থী। পঢ়ুৱৈ সকলে তেওঁলোকৰ নিজা পচন্দবোৰ জনালে নথৈ আনন্দিত হ’ম।

'দশকৰ শ্ৰেষ্ঠ ১০'- (১)

দীনবন্ধু (পৰিচালকঃ মুনীন বৰুৱা,২০০৪)
অসমীয়া বোলছবি

১ দীনবন্ধু (পৰিচালকঃ মুনীন বৰুৱা,২০০৪)

২ লাজ (পৰিচালকঃ মঞ্জু বৰা, ২০০৪)

৩ তৰা (পৰিচালকঃ জাহ্নু বৰুৱা, ২০০৩)

৪ মন যায় (পৰিচালকঃ মৈৰাংথেম মনিৰাম, ২০০৮)

৫ দাগ (পৰিচালকঃ মুনীন বৰুৱা,২০০১)

৬ আকাশীতৰাৰ কথাৰে (পৰিচালকঃ মঞ্জু বৰা, ২০০৩)

৭ বিধাতা (পৰিচালকঃ মুনীন বৰুৱা,২০০৩)

৮ জাতিংগা ইত্যাদি (পৰিচালকঃ সঞ্জীৱ সভাপণ্ডিত,২০০৭)

৯ নায়ক (পৰিচালকঃ মুনীন বৰুৱা,২০০১)
 
১০ কইনা মোৰ ধুনীয়া (পৰিচালকঃ সুমন হৰিপ্রিয়া,২০০১)

বি.দ্র. এই তালিকাখন মোৰ ব্যক্তিগত বাচনিৰ ভিত্তিত প্রস্তুত কৰা হৈছে।দৰ্শকৰ প্রিয় অইন বহু বাচনি বাদ পৰি যাব পাৰে। তাৰ বাবে ক্ষমাপ্রাৰ্থী। পঢ়ুৱৈ সকলে তেওঁলোকৰ নিজা পচন্দবোৰ জনালে নথৈ আনন্দিত হ’ম।

Thursday, December 9, 2010

কোনবোৰ অস্ত্রৰে যুঁজিছিল আহোম সৈন্যই?


৬০০ বছৰ ধৰি বৰ অসম শাসন কৰা আহোম যুগটো  হৈছে বিভিন্ন বীৰ গাঁথাৰে ভৰা এটি সোণালী যুগ । আহোম স্বৰ্গদেউ, সেনাপতি, সৈন্য সকলৰ বীৰত্বৰ বাবেই অসম, মোগলৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা পৰিছিল। ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ মূলমন্ত্রৰে দীক্ষিত আহোম বীৰত্ব, বুৰঞ্জীৰ পাতে পাতে পোৱা যায়। কিন্তু আহোম সৈন্য সকলে ব্যৱহাৰ কৰা অস্ত্র শস্ত্র বোৰৰ নাম আপোনালোকে জানেনে? অস্ত্রবিদ্যাত পাকৈত আহোম সৈন্য সকলে যুদ্ধত ব্যৱহাৰ কৰিছিল বিভিন্ন অস্ত্র শস্ত্র। তলত আহোম যুগৰ কিছুমান অস্ত্র শস্ত্রৰ নাম আগবঢ়োৱা হ’ল-
  • বৰতোপ – হাতীমূৰীয়া বৰতোপ, বৰ বৰতোপ, বাঘমৰা তোপ, টুবুকী বৰতোপ, মিঠা হোলোং তোপ ইত্যাদি।
  • হিলৈ – কামায়ন, খকা হিলৈ, গাঠীয়া, জুমুৰ, টোৱা হিলৈ, পহলংগী, বাছাদাৰী হিলৈ ইত্যাদি।
  • হেংদান/তৰোৱাল – গুপ্তি তৰোৱাল, খাপৰী তৰোৱাল, তাই তৰোৱাল, জোং তৰোৱাল, দেং তৰোৱাল, মৰাণ তৰোৱাল, বৰাহী তৰোৱাল, কালিকা লগা তৰোৱাল, লাঠী তৰোৱাল, মুঠি তৰোৱাল, হাত হেংদান ইত্যাদি।
  • বন্দুক বৰতোপৰ গুলী – টকৌ গুলী, তামোল গুলী, বেল গুলী, মাহ গুলী, বগৰী গুলী, লাও গুলী ইত্যাদি।
  • ধেনু – ইন্দ্রধেনু, চুঙা ধেনু, কাৰফাই ধেনু, টাইধেনু, দেও ধেনু, নৰা ধেনু, নগা ধেনু, বাঘ ধেনু, চটিয়া ধেনু, বৰাহী ধেনু ইত্যাদি।
  • জাঠী – আবৰ জাঠী, খামটি বৰছা, দেও জাঠী, নগা জাঠী, পাখী জাঠী, নৰাজোং ইত্যাদি।
  • ঢাল – বুকু ঢাল, দীঘল ঢাল, গা ঢাল, দেও ঢাল, হাত ঢাল, পাখী ঢাল ইত্যাদি।

(প্রসংগ পুথি: বুৰঞ্জীৰ মনি মুকুতা- যোগেন দত্ত)
(ফটো উৎস: গুগল)

Monday, December 6, 2010

শিলে শিলে ঠেকা খালে নিজৰাৰে পানী


বোলছবিঃ অৰণ্য
সংগীতঃ সুধীন দাসগুপ্ত
শিল্পীঃ আৰতি মূখাৰ্জী

শিলে শিলে ঠেকা খালে নিজৰাৰে পানী
এচেৰেঙা ৰঙা ৰ’দে ৰং দিলে সানি

বৰণীয়া বনৰীয়া আলসুৱা ফুলে
হালি জালি মন ঢালি কিনো কথা ক’লে
মনে যে বিচাৰে মন কোনে দিব আনি

বুকু জুৰ তুমি দূৰ দূৰণিৰ ৰিং
মই নামনিৰ দুখ তুমি ওখ টিং
টিঙে টিঙে কাৰ ৰিঙে তুলি গ’ল ঢৌ
কাণে কাণে কাৰ গানে বৰষিলে মৌ
নাচনী নিজৰাজনী কাৰ পাটৰাণী
এচেৰেঙা ৰঙা ৰ’দে ৰং দিলে সানি

Sunday, December 5, 2010

ৰূপালী পৰ্দাত চট্টগ্রামৰ বিদ্রোহ

চট্টগ্রামৰ বিদ্রোহ। ভাৰতীয় স্বাধীনতা সংগ্রামৰ এক সুপ্ত অধ্যায়। বুৰঞ্জীৰ পাততো হয়তো এই সংগ্রামৰ বিস্তৃত বিৱৰণ খুব কমেই পোৱা যায়। আজিও হয়তো নৱপ্রজন্মক সূৰ্য সেন, কল্পনা দত্ত, প্রীতিলতা, নিৰ্মল সেন আদিৰ নাম সুধিলে ভৰিৰ আঙুলিৰে মাটি খুছৰি থাকিব। থকাৰ কাৰণো আছে কাৰণ এই অধ্যায়টিৰ আলোচনা খুব কমেই দেখা যায় ভাৰত বুৰঞ্জীত। এই বিষয়টোক লৈয়ে আশুতোষ গোৱাৰিকাৰৰ নিৰ্দেশনাত মুক্তি পাইছে 'খেলে হম জি জান চে' নামৰ কথাছবি খন। আশুতোষ গোৱাৰিকাৰৰ 'লগান' খনেই হয়তো মোৰ একমাত্র আৰু শেষ ভাল লগা ছবি আছিল। 'স্বদেশ আৰু যোধা আকবৰৰ বিষয় বস্তু ভাল আছিল যদিও, স্বদেশ খনত তথ্যচিত্রৰ ছাঁ বাৰুকৈয়ে পৰিল আনহাতে যোধা আকবৰত মানুহে মোগল সাম্রাজ্যৰ আভিজাত্য ৰূপ ৰূপালী পৰ্দাত চায়েই কটালে। নতুনত্ব একো নেদেখিলো। তাৰ পাছতে ওলোৱা গোৱাৰিকাৰৰ 'হোৱাটচ্ ইউৰ ৰাশী' খন চাই অনুভব কৰিলো বলিউদত গোৱাৰিকাৰৰ দিন উকলিচেই আৰু। কিন্তু খেলে হম জী জান চে খনেৰে যেন আশুতোষ গোৱাৰিকাৰে বলিউডত প্রত্যাৱৰ্তন কৰিলে। শিক্ষক সূৰ্য সেনৰ নেতৃত্বত এদল কিশোৰ আৰু যুৱকৰ সহযোগত চট্টগ্রামত যি বিদ্রোহৰ জুই জ্বলিছিল সেই সূৰ্য সেনক চেলুলয়ডত জীৱন্ত ৰূপ দিছে অভিষেক বচ্চনে। কিন্তু অভিষেক বচ্চনক এই ৰূপত সিমান সফল হোৱা দেখা নগ'ল। কথাছবি খনত অভিষেক বচ্চনৰ ভাবভঙ্গী দেখি তেওঁৰ পূৰ্বৰ কথাছবি গুৰু খনলৈ খুবেই মনত পৰিছিল, চেলুলয়ডৰ সূৰ্য সেনৰ প্রকাশ ভঙ্গীত গুৰু ৰ ধীৰুভাই আম্বানীৰ ছাঁ দেখা পালো। কল্পনা দত্ত ৰূপী দীপিকা পাড়ুকনক এটা নতুন ৰূপত দেখা গ'ল। অভিষেক বচ্চন আৰু দীপিকাৰ বাহিৰে অইন কোনো গ্লেমাৰ থকা অভিনেতা অভিনেত্রী নাই যদিও বাকী সকলে দুৰ্দান্ত অভিনয় কৰি কথাছবি খন জীৱন্ত কৰি তুলিছে। আশুতোষ গোৱাৰিকাৰৰ কথাছবিত এটা কথা প্রায়েই মন কৰো লেহেমীয়া মূহুৰ্ত কিছুমান। 'খেলে হম জি জান চে' ইয়াৰ পৰা সাৰি নগল। প্রথম ভাগতো ইয়াৰ প্রভাৱ বাৰুকৈয়ে পৰে। কিন্তু দ্বিতীয় ভাগত যেন চলচ্চিত্র খনে প্রাণ পাই উঠে। বিশেষকৈ কিশোৰৰ দলটোৰ দূৰ্দান্ত ৰূপে কাহিনীটো জীৱন্ত কৰি তোলে।কিশোৰ কেইজনৰ আত্মহত্যাৰ দৃশ্যটো আছিল হৃদয় বিদাৰক। আশুতোষ গোৱাৰিকাৰৰ কথাছবিত এটা কথা সদায়েই প্রশংসাযোগ্য। সেয়া হ'ল চিনেমাৰ চেট্ নিৰ্মান। সেয়া লাগিলে লাগানেই হওক, স্বদেশেই হওক অথবা যোধা আকবৰেই হওঁক খুটি নাটি মাৰি তৈয়াৰ কৰা চেট সমূহে কাহিনী একোটাক জীৱন্ত কৰি তোলাত যথেষ্ট অৰিহনা যোগায়। খেলে হম জী জান চে খনতো সেই সময়ৰ অবিভক্ত ভাৰতবৰ্ষৰ ৰূপটো যেন বাস্তব ৰূপত প্রতিফলিত হৈছে। জাভেদ আখতাৰৰ কথাৰে সজ্জিত আৰু সোহেইল সেনৰ সঙ্গীতে কথাছবি খনক এক অনন্য মাত্রা প্রদান কৰিছে। মুঠৰ ওপৰত খেলে হাম জী জান চে এখন উপভোগ্য ছবি। এজন প্রকৃত দেশপ্রেমিকৰ দেশপ্রেম আৰু মৃত্যুক আঁকোৱালি লবলৈ ভয় নকৰা এদল কিশোৰৰ বিৰল দেশপ্রেমক ৰূপালী পৰ্দাৰ জৰিয়তে উপস্থাপন কৰাত আশুতোষ গোৱাৰিকাৰ সফল হৈছে বুলিয়ে অনুভৱ হয়।

মাটিৰ শিল্পী, মাটিৰ গান

"অ' পখী ৰৈয়া যা ৰে
পখী ৰৈয়া যাৰে
আমাৰ চিত্তৰ কথা কৈয়া যাৰে"

গোটেই জীৱন লোকগীতৰ সাধনা কৰিছিল যি, কামৰূপী লোকগীতক উচ্চ আসনত প্রতিষ্ঠা কৰিবলৈ যি অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আৰু সফলো হৈছিল, তেখেতেই আছিল স্বনামধন্য শিল্পী ৰামেশ্বৰ পাঠক। গোৱালপৰীয়া লোকগীতৰ বাবে যেনেদৰে প্রতিমা পাণ্ডে, জিকিৰৰ বাবে যেনেদৰে ৰেকিবুদ্দিন আহমেদ, ঠিক সেইদৰে কামৰূপী লোকগীত বুলিলে এটা নামেই পোনপ্রথমে মনলৈ আহে - ৰামেশ্বৰ পাঠক। স্বকীয় পৰিবেশন শৈলী, কণ্ঠৰ মাধুৰ্যৰে মহীয়ান এই গৰাকী শিল্পীৰ জন্ম হৈছিল ১৯৩৮ চনৰ পহিলা মাৰ্চত, বৰপেটা জিলাত। বৰপেটা জিলাতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা সাং কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত আইনৰ পাঠ্যক্রম গ্রহন কৰে। শিক্ষকতাকে কৰ্মজীৱন হিচাবে লৈ শিক্ষকতাৰেই কৰ্মজীৱনৰ সামৰণি মাৰে। আজীৱন লোকগীতকেই মাটিৰ গীত বুলি আকোৱালি লোৱা এইগৰাকী শিল্পীৰ অনাতাঁৰ যোগে প্রচাৰিত প্রথমটো গীত আছিল 'কি দিয়া পুজিম চৰণ মুৰাৰি'। আন এগৰাকী লোকগীতৰ শিল্পী তথা পত্নী ধনদা পাঠকৰ সৈতে একেলগে বিভিন্ন ঠাইত লোকগীতৰ ব্যাপক প্রসাৰৰ ফলতে কামৰূপী লোকগীতে অসমীয়া মুলধাৰাৰ সঙ্গীতৰ লগত একেটা স্থান লাভ কৰে, আৰু ৰামেশ্বৰ পাঠক-ধনদা পাঠক যুটিটো হৈ পৰে  কামৰূপী লোক সঙ্গীতৰ এক অবিসম্বাদী যুটি। টুপুনি টুপুনি অ' আই টুপুনি, অ' পখী ৰৈয়া যা ৰে, ঘন বৰষুণ পিছল মাটি, হৰ হৰ নন্দী ভৃংগী, শঙ্কৰ গুৰু আমাৰে আদি লোকগীতে এটা সময়ত অসমৰ আকাশ বতাহ মুখৰিত কৰি তুলিছিল। অসমত ষাঠি-সত্তৰ দশকত কামৰূপী লোকগীতৰ বিপুল জনপ্রিয়তা হয়তো এইচ এম ভি ৰেকৰ্ড কোম্পানীয়ে সহজে অনুমান কৰিছিল, যাৰ ফলতে ৰামেশ্বৰ পাঠকৰ কামৰূপী লোকগীতৰ কেইবাখনো ৰেকৰ্ড বজাৰত মুকলি কৰি দিছিল। এইচ এম ভিৰ কামৰূপী লোকগীতৰ প্রথম ৰেকৰ্ড খন মুকলি হৈছিল  ১৯৭২ চনত (ৰেকৰ্ড নং  7EPE2506)। দেহৰ ৰন্ধ্রে ৰন্ধ্রে লোকগীতৰ স্বৰ সোমাই থকা এই গৰাকী শিল্পীয়ে বহুদিনৰ অসুস্থতাৰ অন্তত যোৱা ৩ নবেম্বৰ তাৰিখে নীৰৱ মৃত্যুক  আঁকোৱালি ললে। তেখেত আমাৰ মাজত বৰ্তমান নাই, কিন্তু তেখেতৰ অসমীয়া সংগীতলৈ যিখিনি অৱদান সেইখিনিৰে সদায় অসমৰ সঙ্গীত জগতত মহীয়ান হৈ থাকিব। এতিয়া আমাৰ দায়িত্ব হ'ল তেখেতৰ অমৰ সৃষ্টি সমূহ সযতনে সংৰক্ষন কৰি ৰখাটো, হেৰাই যাবলৈ নিদিয়াকৈ।

হৰ হৰ নন্দী ভৃংগী (ৰামেশ্বৰ পাঠক)

Horo Hor Nondi.mp3

Sunday, November 28, 2010

এটা ব্যতিক্রমী সপ্তাহ

মোৰ ফেচবুক প্রফাইলত জিলিকি থকা কিছুমান অসমীয়া নাম
"ৰাইজ, ম‍ই এটা কথা ভাবিছো আমি যদি আমাৰ profileৰ ইমেজত আমাৰ নাম সমুহ অসমীয়াত লিখি (ইমেজ হিচাপে) এসপ্তাহৰ ববে ব্যৱহাৰ কৰো কেনে হয় ? ইয়াৰ উদেশ্য -- অসমীয়া ভাষা cyberworld ত promotion কৰা আৰু আমাৰ অসমীয়া মানুহক অসমীয়া ভাষাত typingৰ প্ৰতি আকৰ্ষিত কৰা | আলোচনা কৰকচোন .. যদি হয় সবিশেষ (নিয়ম নীতি/কোনটো সপ্তাহ আদি ) পিছত সকলোৱে মিলি ঠিক কৰিম।ধন্যবাদ"

ফেচবুকত এইদৰেই বনজীৎ পাঠকে ২৭ নৱেম্বৰ পুৱা বাৰ্তা এটা পঠাইছিল কেইজনমানলৈ। মই অৱশ্যে অলপ দেৰিকৈ পাইছিলো অনলাইন নথকা বাবে। আহি দেখো বুলজিৎ বুঢ়াগোঁহায়ে ইতিমধ্যে অসমীয়া আখৰেৰে ফটো এখন আপলোড কৰিলেই। তাৰ পাছত দেখো এখন এখনকৈ প্রফাইল ফটোবোৰ অসমীয়া আখৰবোৰলৈ ৰূপান্তৰ হৈ পৰিছে। নিজৰ খনো কৰি ল'লো। দিনটোৰ সময় আগবঢ়াৰ লগে লগে আন বহুটো প্রফাইল অসমীয়া হৈ পৰিল। বহুতো বন্ধুয়ে নিজৰ নামটো অসমীয়াত লিখি দিবলৈ ক'লে মোক (যিসকলৰ সময়, সুবিধা মিলা নাছিল)। অসমীয়া আখৰ কেইটাক লৈ ইন্টাৰনেটত ইমান উৎসাহ হয়তো আগতে কাহানিও দেখা নাছিলো। নিশ্চয় প্রসংশনীয়। ফেচবুক যদিও অসমীয়া ভাষাত ওলোৱা নাই (যদিও বাংলা ভাষাত ই উপলব্ধ!)। কিন্তু সেইদিনটো (আশাকৰো অনাগত ছটা দিনো!) এনে লাগিছিল যেন ফেচবুকে 'অসমীয়া ভাষাটোও অন্তৰ্ভূক্ত কৰি ল'লে। ই নিশ্চয় এটা ভাল লক্ষণ। যিটো সময়ত অসমত অসমীয়া ভাষাৰ দুখ লগা অৱস্থা, সেইটো সময়ত ইন্টাৰনেটত ইমানবোৰ লোক অসমীয়া অ আ ক খ (টাইপিং) শিকিবলৈ আগবাঢ়ি আহিছে। ইন্টাৰনেটত অইন ভাৰতীয় ভাষা সমূহৰ প্রসাৰ আৰু প্রচাৰ চমকপ্রদ। এয়াও হয়তো সেই ভাষাৰ লোকসমুহৰ উৎসাহৰে ফচল। কিন্তু অসমীয়া ভাষাটো বাংলাৰ লগত একে বুলিয়ে এলাগী হৈ পৰি ৰয়। কিন্তু আচলতে বহুতো যে পাৰ্থক্য আছে সেয়া বাহিৰৰ পৃথিৱীখনক নিশ্চয় বুজাবলগীয়া আছে।ফেচবুকত অসমীয়া প্র'ফাইল ফটো পদক্ষেপটো এক মাইলৰ খুঁটি স্বৰূপ হৈ ৰওঁক।

Monday, November 15, 2010

যাৰ বাবে 'জয়মতী' আছিল এক অভিশাপ

এজনী ষোল্ল বছৰীয়া ছোৱালী। তেতিয়াও সেই সময়টো তাইৰ বাবে হয়তো পখিলা খেদি ফুৰাৰেই বয়স আছিল। নতুন পৃথিৱী এখন আৱিষ্কাৰ কৰা বয়স সেইটো। এদিন এজন মানুহ আহিল সিহঁতৰ ঘৰলৈ। সেই কিশোৰী জনীক লগ ধৰিলে কলিকতাত ডাঙৰ ডাঙৰ জাহাজ চাবলৈ। ডাঙৰ ডাঙৰ জাহাজ!! সেই সময়ত  সেয়া দেখাৰ সৌভাগ্য কেইজনৰ হয়? তাকো কলিকতাত!! ওলাল তাই জাহাজ চাবলৈ, লগত গ'ল তাইৰ ভায়েক। কিন্ত তাই সঁচাকৈয়ে জাহাজ দেখা পালেনে? জাহাজ দেখিলে ঠিকেই, কিন্তু তাইৰ বাবে ৰৈ আছিল বিস্ময়কৰ, আচহুৱা তিনিটা শব্দ - লাইট, কেমেৰা আৰু একচন। হয়, এয়াই আছিল এগৰাকী কিশোৰীৰ অন্ধকাৰ জীৱন এটাৰ আৰম্ভণি। এই কিশোৰী গৰাকীয়েই আছিল আইদেউ, যাক আমি আইদেউ সন্দিকৈ হিচাবে জানো। এনে এগৰাকী মহিলা, যি গোটেই জীৱনটো কটাইছিল এক অন্ধকাৰ গহ্বৰত। মাথো এটাই আছিল দোষ, প্রথম অসমীয়া চিনেমাখনত অভিনয় কৰিছিল। যাক লৈ আমি এতিয়া গৌৰৱ অনুভৱ কৰো, সেই গৌৰৱখিনিয়েই সেই সময়ৰ ৰক্ষণশীল সমাজখনত কাল হৈ পৰিছিল আইদেউ নামৰ সেই কিশোৰীজনীৰ বাবে। জ্যোতিপ্রসাদ আগৰৱালাই নিজৰ প্রথমখন অসমীয়া চিনেমা নিৰ্মাণ কৰিলে ঠিকেই, কিন্তু সেই চিনেমা খনেই শেষ কৰি দিলে এগৰাকী কিশোৰীৰ জীৱন। সেই চিনেমা খনত অভিনয় কৰাৰ পাছত যেতিয়া আইদেউ নিজৰ ঘৰলৈ ঘুৰি আহিছিল, ৰাইজে জনোৱা নাছিল ফুলৰ থোপাৰে আদৰণি, প্রথমখন অসমীয়া চিনেমাৰ অভিনেত্রী হিচাবে, আদৰণি জনাইছিল ঠাট্টা মস্কৰাৰে আৰু এক তীব্র ঘৃণাৰে। যাৰ ফলত আইদেউৰ গোটেই পৰিয়ালটোক সমাজে বহিষ্কাৰ কৰিছিল। কেৱল সমাজেই নহয় সমাজৰ পৰা বহিষ্কৃত হোৱা পৰিয়ালটোয়েও নিজাকৈ বহিষ্কাৰ কৰিছিল আইদেউক। ঘৰৰ বাৰীৰ চুকত এটা ঘৰত অকলে থাকিবলৈ দিয়া হৈছিল আইদেউক। ঠিক হোৱা বিয়াখনো ভাঙি গৈছিল একমাত্র চিনেমাত 'বঙহৰদেউ' বুলি অইন অভিনেতাক কোৱা বাবেই। ফলত আজীৱন থাকি যাবলগীয়া হ'ল অবিবাহিতা হিচাবে। এইখিনিতে কিছুমান প্রশ্নই মনত খু দুৱনি তোলে। জ্যোতিপ্রসাদ আগৰৱালাই এগৰাকী অবুজ কিশোৰীক এনেদৰে ফুচুলাই চিনেমা কৰোৱাটো কিমান দূৰ ঠিক আছিল? হয়, প্রথম অসমীয়া চিনেমা এখন অসমে পালে, কিন্তু সেইখনে এগৰাকী নাৰীৰ জীৱন ধ্বংস কৰি নিদিলেনে? অভিনয় কৰি কি পালে এই গৰাকী মহিয়সী নাৰীয়ে? জ্যোতিপ্রসাদ আগৰৱালাই চিনেমা খনত ব্যৱহাৰ কৰিয়েই আইদেউক অৱহেলা কৰা নাছিলনে? মাথোঁ অৱহেলা, লাঞ্চনাৰে বহু বছৰ ধৰি অন্ধকাৰকেই সাৱটি থাকিল এইগৰাকী নাৰীয়ে। আৰু যেতিয়া কিছু স্বীকৃতি পাবলৈ আৰম্ভ কৰিলে তেতিয়ালৈ বহু পলম হৈ পৰিছিল। সম্বৰ্ধনা, কিছু আৰ্থিক সাহায্যতেই সীমাবদ্ধ হৈ থকা এই স্বীকৃতিয়ে কিন্তু কেতিয়াও ঘূৰাই দিব পৰা নাছিল আইদেউৰ জীৱনৰ হেৰাই যোৱা ৰং বোৰ। যি গৰাকী নাৰী ৰাষ্ট্রীয় পৰ্য্যায়ত স্বীকৃতি পোৱাৰ যোগ্য আছিল, সেই গৰাকী নাৰীক আমি স্বীকৃতি দিব নোৱাৰিলো। আৰু তেনেকেই আমাক এৰি আঁতৰি গ'ল নীৰৱে বুকুত আজীৱন ভৰি থকা দুখৰ বোজা লৈ। জয়মতী হৈ পৰিছিল প্রতিজন অসমীয়াৰ বাবে আশীৰ্বাদ, কিন্তু এগৰাকী নাৰীৰ বাবে ই আছিল আজীৱন এক অভিশাপ স্বৰূপ।

Friday, November 12, 2010

ভাল খবৰঃ সৌৰভ কুমাৰ চলিহা

 'ভাল খবৰ', সৌৰভ কুমাৰ চলিহাৰ এটি চুটি গল্পৰ আধাৰত ৰচিত এখন চুটি ছবি, তেখেতৰ নিজৰ কণ্ঠত। (উৎসঃ গুগল ভিডিও)

Wednesday, November 10, 2010

কঁহুৱা বন মোৰ অশান্ত মন

এই গীতটি ১৯৫৯ চনৰ ফনী শৰ্মা পৰিচালিত কথাছবি 'পুৱঁতি নিশাৰ সপোন'ত অন্তৰ্ভূক্ত কৰা হৈছিল। গীতটিৰ কথা, সুৰ আৰু কণ্ঠ আছিল ভূপেন হাজৰিকাৰ । কথাছবিখনত এই গীতটি বিভিন্ন চিত্রায়নত মুঠ তিনিবাৰ ব্যৱহৃত হৈছিল ।


kohua bon.mp3

কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি

নীলা আকাশৰ একোটি তৰা
হঠাতে খহি সাৱটে ধৰা
ঘিট মিট আন্ধাৰৰ নিমাত ৰাতি
এটি এটি ক্ষণ যেন এটি এটি পন
এনেয়ে হেৰুৱালে নাহে উভতি

পুৱঁতি নিশাৰ সপোন দেখি
দেখিও নেদেখিলো সেই ক্ষণটি
অনন্ত সময়ৰ সাগৰখনিৰ
চঞ্চল কোলাহলে ভাঙে ঘূমটি
অ' বলিয়া মন কিয় উচাটন
কালিৰ সূৰূজে আনি দিব পুৱাটি

Tuesday, November 9, 2010

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰে চহৰীয়া ভাওনা

'শোনিতকোঁৱৰ' গজেন বৰুৱা অংকিত বাৰে চহৰীয়া ভাওনাৰ চিত্র
জামুগুৰিহাট, শোনিতপুৰ জিলাত অৱস্থিত এক ঐতিহ্যমণ্ডিত নগৰ। এই ঐতিহ্যমণ্ডিত জামুগুৰিহাটতে প্রতি চাৰি বছৰৰ অন্তৰত অনুস্থিত হয় বাৰে চহৰীয়া ভাওনা, যি প্রায় দুশ বছৰ ধৰি এই অঞ্চলৰ ঐতিহ্য বহন কৰি আহিছে। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুস্থিত হৈ আহিছে। এই ভাওনাৰ মুল বৈশিষ্ট্য হ'ল ১৪ ৰ পৰা ২১ খন বেলেগ বেলেগ খলাত একে সময়তে অনুষ্ঠিত নাট ভাওনা। পদুমৰ চকাৰ আৰ্হিত নিৰ্মিত মূলমণ্ডপৰ কেন্দ্রবিন্দুত ভাগৱত সিংহাসন প্রতিষ্ঠা কৰা হয়। এই মূলমণ্ডপক কেন্দ্র কৰিয়ে চাৰিওদিশে তৈয়াৰ কৰা ১৪ ৰ পৰা ২১ খন খলাই এক বৃত্তাকাৰ ৰূপ ধাৰণ কৰে। সিংহাসন প্রতিষ্ঠিত মণ্ডপৰ পশ্চিম দিশৰ খলা খনক মূল খলা হিচাপে গন্য কৰি বাকীবোৰ খলাৰ নাম দিয়া হয়। এই সকলো খেলাতে একে সময়তে ডবা বৰকাঁহ বাজি ভাওনা আৰম্ভ কৰা হয়। প্রতিখন খলাত গায়ন বায়ন, সূত্রধাৰ, নাট আদি ভিন ভিন। কিন্তু একে সময়তে এনে বৃহৎ মণ্ডপত একেলগে অনুষ্ঠিত এই নাট ভাওনা সুকলমে সম্পন্ন হোৱাত কোনো বাধাৰ সৃষ্টি নহয়। বাৰেচহৰীয়া ভাওনাৰ প্রসাৰ আৰু স্বীকৃতিৰ ক্ষেত্রত আগভাগ গ্রহন কৰিছিল 'শোনিতকোঁৱৰ' গজেন বৰুৱাই, যাৰ ফলত এই ব্যতিক্রমী ভাওনা মহোৎসৱে আজি অসমীয়া সংস্কৃতিৰ পথাৰখনত স্বীকৃতি লভে।

'প্রথম প্রহৰ ৰাত্রি ফুলি আছিল চম্পা' : প্রথম অসমীয়া আংশিক ৰঙীন কথাছবিখন

ভাৰতীয় নাট্য জগত অথবা চলচ্চিত্র জগতত সঘনে পৰীক্ষা নিৰীক্ষা চলা কাহিনী এটা হ'ল মহাকবি কালিদাসৰ বিখ্যাত শকুন্তলা। ১৯২০ চনতে ভাৰতীয় চলচ্চিত্রত পোনপ্রথমবাৰৰ বাবে ভুমুকি মাৰিছিল শকুন্তলাই। কিন্তু পোনপ্রথমবাৰৰ শকুন্তলাই অসমীয়া চলচ্চিত্র জগতত ভূমুকি মাৰিছিল ১৯৬১ চনত। ১৯৬১ চনৰ ২৪ নবেম্বৰৰ দিনা শকুন্তলাই পোনপ্রথমে মুক্তি পায় ডিব্রুগড় আৰু গোলাঘাটত। এইখনেই আছিল প্রথম অসমীয়া আংশিক ৰঙীন কথাছবি, য'ত প্রথমবাৰৰবাবে এটি গীতত ৰঙৰ সমাবেশ ঘটে। 'কামৰূপ চিত্র'ৰ বেনাৰত নিৰ্মিত শকুন্তলাৰ পৰিচালক আছিল ডঃ ভূপেন হাজৰিকা। লগতে সঙ্গীত, কলা নিৰ্দেশনা, সংলাপ আদিৰ আঁৰৰ ব্যক্তিজনো আছিল ডঃ ভূপেন হাজৰিকা। মূল চৰিত্র সমূহৰ অভিনয়ত আছিল- পবিত্র বৰকাকতী (দুষ্মন্ত), অনিতা (শকুন্তলা), দিলীপ চৌধুৰী (বিশ্বমিত্র), শ্যামলী দেৱী (মেনকা), ইভা আচাও (প্রিয়ম্বদা), লগতে আছিল বিদ্যা ৰাও, ফনী শৰ্মা, লক্ষ্মী লহকৰ, খগেন মহন্ত, কুলদা কুমাৰ ভট্টাচাৰ্য্য আদি। শকুন্তলা আছিল ভূপেন হাজৰিকাৰ এক সঙ্গীতমধুৰ নিবেদন। ইয়াত অন্তৰ্ভূক্ত হোৱা গীতসমূহ আছিল-
  • প্রথম প্রহৰ ৰাত্রি ফুলি আছিল চম্পা (ইলা বোস, কবিতা হাজৰিকা)
  • পিতৃগৃহ ত্যাগি আই মোৰ পতিগৃহে যায় (ভূপেন হাজৰিকা)
  • বনৰে পখিটি (ইলা বোস)
  • বিৰাজে কি সাজে (ভূপেন হাজৰিকা)
  • নৱমল্লিকাৰ হেঁপাহ জানো পলাব (ইলা বোস, অনামিকা)
  • অলৌগুটি তলৌগুটি (ইলা বোস, ভূপেন হাজৰিকা)