Thursday 18 April 2013

বিহুমঞ্চত হিন্দী গীত আৰু আলফাৰ ভাবুকি



বৰ্তমান অসমত বিহুৰ সাংস্কৃতিক অনুষ্ঠান সমূহৰ বতৰ। চুকে কোনে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান সমূহত শিল্পী সকলে পৰিবেশন কৰি আছে বিভিন্ন গীত কিন্তু আলফাৰ ভাবুকিয়ে যেন শিল্পী সকলক শংকিত কৰি ৰাখিছে। কাৰণ আলফাৰ পৰা ভাবুকি আহিছে, মঞ্চত কোনেও যাতে  এইবাৰ হিন্দী গীত পৰিবেশন নকৰে, একপ্ৰকাৰৰ তালিবানী ফটোৱাহে যেন এই বিষয়টোকে লৈ বৰ্তমান অসমত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।
কথা হল এনেধৰণৰ ফটোৱা জাৰী কৰাৰ আলফাৰ কিবা অধিকাৰ আছেনে? এগৰাকী শিল্পীয়ে নিজৰ পচন্দৰ গীত গোৱাৰ অধিকাৰ নিশ্চয় আছে (শালীনতাবোধৰ মাজেৰে) সেয়া লাগিলে যিকোনো ভাষাৰেই নহওঁক কিয়? হিন্দীবিৰোধী ৰূপ এটাৰে অসমীয়াপ্ৰীতি দেখুৱাবলৈ গৈ আলফাই কিন্তু নিজৰ ফোঁপোলা স্বৰূপ এটাও উদঙাই দিছে। অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে আলফাই কি এনে লেখত লবলগীয়া কাম কৰিছে সেয়া জানিবৰ মোৰো মন আছে। নামৰ শেষত অসম শব্দটো লগাই ললেই অসমৰ ভাষা-সংস্কৃতিক শ্ৰদ্ধা কৰাটো নুবুজায়। অসমীয়া ভাষা সংস্কৃতিক ৰক্ষা কৰাৰ পণো লব লাগিব।
আলফাই আজি হিন্দী গীত পৰিবেশনৰ বাবে জুবিন গাৰ্গক দোষাৰোপ কৰিছে, কিন্তু অসমত অসমীয়া ভাষাৰ উন্নতিৰ বাবে আলফাই কি কৰিছে? অসমক আজি বাংলাভাষী বিজ্ঞাপনে চানি ধৰিছে, অসমীয়া ভাষাটোলৈকে একপ্ৰকাৰৰ অশনি সংকেত কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত আলফাই কিবা মাত মাতিছেনে? ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ দুৰৱস্থা বিষয়ত আলফাই কিবা মাত মাতিছেনে? অন্যান্য বিভিন্ন ক্ষেত্ৰতো অসমীয়া ভাষাৰ শৰাধ কাৰ্য চলি আছে। এইবোৰ বিষয়ত আলফাৰ মতামত কি? হিন্দী গীত ভূপেন হাজৰিকায়ো পৰিৱেশন কৰিছিল, কিন্তু ভূপেন দাকো ভাবুকি দিয়াৰ আলফাৰ সাহস হলহেঁতেন নে?
আলফাই এটা কথা জানি থোৱাটো প্ৰয়োজন যে অস্ত্ৰৰ ভাবুকিৰে কলা –সংস্কৃতিৰ প্ৰসাৰত বাধা দিব নোৱাৰি। সাংস্কৃতিক ক্ষেত্ৰখন যদি আলফাই বন্দুকৰ ভাবুকিৰে চলাব বিচাৰিছে তেন্তে ইয়াতকৈ ডাঙৰ মূৰ্খামি হয়তো আলফাৰ বাবে অইন একো নহব।

Tuesday 9 April 2013

বিশ্ব ৰেকৰ্ডৰ ৰোগত আক্ৰান্ত অসম



অসমত বৰ্তমান এক নতুন ৰোগে দেখা দিছে! বিশ্ব ৰেকৰ্ডৰ ৰোগ! যোৱা প্ৰায় এবছৰ মানৰ পৰা এই ৰোগে অসমক বাৰুকৈয়ে আক্ৰান্ত কৰিছে। এটাৰ পাছত অইন এটা সংগঠনে নতুন নতুন ৰেকৰ্ডৰ সৃষ্টিৰ প্ৰচেষ্টা চলাইছে, কিছুমান সফল হৈছে, কিছুমান অসফল হৈছে, কিছুমানৰ প্ৰচেষ্টা এতিয়াও অব্যাহত আছে। এই যে বিশ্ব ৰেকৰ্ডবোৰ হৈছে তাৰ দ্বাৰা সঁচাকৈয়ে আমাৰ অসমৰ অথবা জাতিটোৰ কিবা লাভ হৈছেনে? বাহিৰা দৃষ্টিত খুবেই গৌৰৱৰ এক বিষয় পৃথিৱীৰ বৃহত্তম, দীৰ্ঘতম, উচ্চতম ইত্যাদি শব্দবোৰে এক গহীন গহীন বাক্যৰ সৃষ্টি কৰে। কিন্তু আমি সঁচাকৈয়ে ইমান উন্নত এক জাতিনে যে ডেৰ কিলোমিটাৰ এখন দীঘল গামোচা শিপীনীৰ দ্বাৰা বোৱাই দিল্লীত প্ৰদৰ্শন কৰি গামোচাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিম। ঠিক আছে কৰিলো, তাৰ পাছত? আমি অনুভৱ কৰোনে যে যিখন গামোচা আমি আজি বিশ্বৰেকৰ্ডৰ বাবে প্ৰদৰ্শন কৰিছো সেই গামোচাৰ অসমত উৎপাদন কিমান? প্ৰতিবছৰে বিহুৰ সময়ত চাহিদা থকা ত্ৰিশ লাখ গামোচাৰ কিমান গামোচা প্ৰতিবছৰে বাহিৰৰ পৰা অসমলৈ আহে? আমি খবৰ কৰোনে, শিপিনীসকলে এখন গামোচা বৈ উঠি কিমান টকা পায়্? অথবা মধ্যভোগীসকলে কিমান টকা এগৰাকী শিপিনীৰ পৰা কাঢ়ি লৈ যায়? এইবোৰৰ আমি হিচাব ৰাখোনে? যিখন গামোচা এটা জাতিৰ এক পৰিচয় হিচাবে সদায় ওপৰত থাকে, সেই গামোচা বোৱা সংস্কৃতিটোক এক উদ্যোগ হিচাবে আমি কিন্তু কাহানিও গঢ়ি তুলিব নোৱাৰিলো। উচিত মূল্য নাপাই অসমৰ থলুৱা শিপিনীয়ে নিজে বোৱা গামোচাৰেই পেটত গাঁঠি মৰাৰ উপক্ৰম হৈ পৰে। সেই গামোচাৰেই আমি আজি বিশ্বৰেকৰ্ড গঢ়িছো। অনা অসমীয়া অথবা বিদেশী লোকৰ দৃষ্টিত হয়তো এক চকু চাৎ মৰা এক কাম। কিন্তু আমি নিজে যদি এবাৰ ভাবি চাওঁ তেন্তে জাতিটোৰ ফোপোলা স্বৰূপটোহে ওলাই পৰে আজি ডেৰ কিলোমিটাৰ দীঘল এখন গামোচা তৈয়াৰ কৰি বিশ্ব ৰেকৰ্ড গঢ়া হৈছে ,কাইলৈ অইন এটা সংগঠনে দুই কিলোমিটাৰ দীঘল এখন নিৰ্মান কৰি সেই ৰেকৰ্ডটো ভাঙিব আৰু এনেদৰেই আমি দীৰ্ঘতম, উচ্চতম, বৃহত্তম শব্দবোৰৰ মাজত উটি ভঁহি ফুৰিম, সামাজিক সমস্যাৰে ভাৰাক্ৰান্ত এটা জাতিক লৈ। এনেকুৱা এটা ৰেকৰ্ডো শুনিবলৈ হয়তো অলপ ভাল লাগে - লাখ লাখ গামোচা একে সময়তে থলুৱা শিপিনীৰ দ্বাৰা উচিত মূল্যত তৈয়াৰ হোৱা বিশ্বৰেকৰ্ড! হয়, সাফল্য এটাত এনে এটা লেখাই হয়তো মোক বহুতৰ দৃষ্টিত অসম বিৰোধী হিচাপে পৰিচয় এটা দিব, কিন্তু এনেকুৱা ক্ষন্তেকীয়া চমকে এটা জাতিৰ এটা পৰিচয়ক যে তীব্ৰ ভেঙুচালি কৰে সেয়াও হয়তো এদিন সকলোৱে অনুভৱ কৰিব। এটা সময়ত হয়তো আমি অনুভৱ কৰিম ৰেকৰ্ডৰ দৌৰত আমি হয়তো নিজকে বহুৱা সাজি দৌৰি গৈ আছো!

Wednesday 13 March 2013

এটা ই-প্ৰকল্পৰ জন্মকাহিনী


     
২০০৯ চনৰ ডিচেম্বৰ মাহৰ কোনোবা এটা সন্ধিয়া। গুগল টকৰ যোগেদি এজন অনা অসমীয়া বন্ধুৰ সৈতে কথা পাতি আছিলো, কথা প্ৰসংগত ওলাল অসমৰ কথা, অসমৰ বিভিন্ন তথ্য পাতি সমূহ ইন্টাৰনেটত উপলব্ধতাৰ কথা। মোক সি কৈ আছিল মোৰ হাতত ইমানবোৰ সংগ্ৰহ আছে, তেন্তে মই এটা অসম সংক্ৰান্তীয় ব্লগ এটাকে নোখোলো কিয়? কথাটো ময়ো ভাবি চালো ব্লগ এটা নিশ্চয় খুলিব পাৰি। কিন্তু মুৰত খেলাই আছিল অইন এটা কথা হে। এটা ৱেবচাইট আৰম্ভ কৰাৰ কথা, অসম সংক্ৰান্তীয়। কাৰণ সেই সময়ত ইন্টাৰনেটৰ জগতখনত অসম সংক্ৰান্তীয় তথ্যৰ অভাৱ ঘটিছিল বাৰুকৈয়ে। ভবামতে কাম, তেতিয়া ইউক্ৰেইনত থকা অন্তৰংগ বন্ধু আদিত্য, দিল্লীতে থকা শান্তনু দা, অচ্যুত দা, ভাৰ্গৱ দা, পংকজ, মুম্বাইৰ অংকুৰ দা, গুৱাহাটীৰ নিজৰা হাজৰিকা, শিৱসাগৰৰ অঞ্জলি সোণোৱাল, আমেৰিকাত থকা প্ৰসেনজিত দা, চেন্নাইৰ ইন্দুকল্প, দিল্লীত মোৰ ওচৰ চুবুৰীয়া বিমান, গুৱাহাটীৰ কেটজ (catz) গোটটোৰ ভাস্কৰ, শ্বমীম, বিতোপন, সুদীপ্ত, আই আই টি গুৱাহাটীৰ বুলজি দা আৰু ব্ৰজেন আদিৰ লগত আৰম্ভ কৰিলো কথা বতৰাএওঁলোকে যথেষ্ট আগ্ৰহৰে আগবাঢ়ি আহিল এই প্ৰকল্পত সেৱা আগবঢ়াবলৈএতিয়া বিপাঙত পৰিলো ৱেবচাইট টোৰ নামটো কি দিওঁ? আমাক এনেকুৱা এটা নাম লাগে যিটো প্ৰথমেই হব লাগিব শুনিবলৈ মিঠা, তাৰ পাছতে সহজ আৰু সহজতে মনত ৰখা। শিৱসাগৰৰ পৰা অঞ্জলি সোণোৱালে সৰু সৰু শব্দ কিছুমানৰ ভাণ্ডাৰ এটা পঠাই দিলে। তাৰে পৰাই তুলি ললো এনাজৰী নামটো। সহজ, মিঠা আৰু অৰ্থপুৰ্ণ! তাৰ পাছতে বিমান লাগিল প্ৰগামিঙৰ কামত, কেটজ গ্ৰুপ লাগিল ডিজাইনিঙৰ কামতপ্ৰস্তুতিৰ কাম চলি থাকোতেই যোগ দিলে দিল্লীৰে অমৰজিৎ, গুৱাহাটীৰ লীনা, দীপাংকৰ আৰু শিৱসাগৰৰ কৃষ্টি কমলে। সকলো নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰিবলৈ আগবাঢ়ি আহিলআৰ্থিক ভাৱে কাৰো পৰা সহায় নোলোৱাকৈ নিজৰ পকেটৰ ধনেৰেই  আৰম্ভ কৰিলো এনাজৰী ডট কমৰ প্ৰাৰম্ভিক কাম কাজযিহেতু প্ৰায়খিনি কাম আমাৰ এনাজৰী পৰিয়ালৰ সদস্য সকলে স্বেচ্চাই আৰম্ভ কৰিলে, সেইবাবে আৰ্থিক ভাৱে সিমান সমস্যাৰ সন্মুখীন নহলো। হাতত সময় বান্ধি ললো দুমাহ; দুমাহৰ ভিতৰত আমি এনাজৰী সাজু কৰি উলিয়ামকথামতে কাম, দিন ৰাতি একাকাৰ কৰি লাগি গলো কামতএতিয়াও মনত আছে এনাজৰী ওলোৱাৰ আগে আগে দিল্লীত বহি বিমান, পংকজ, অমৰজিতৰ সৈতে পুঁৱতি নিশালৈকে কৰা কামবোৰ, ৰাতি এঘাৰ বজাত শিৱসাগৰৰ অঞ্জলি সোনোৱালে পাকঘৰৰ বৈয়াম খুলি আমালৈ পঠাইছিল কোমল চাউলৰ ফটো, কাৰণ আমাৰ এটা শাখাত কোমল চাউলৰ টোকা এটা আছিল যাৰ বাবে আমাক প্ৰয়োজন হৈছিল ফটো এখনৰ । সেইবোৰ এতিয়া এক মিঠা স্মৃতি!তাৰ পাছতে দিল্লীৰ পৰা আহি গুৱাহাটীত আৰম্ভ হৈছিল উন্মোচনী সভাৰ কাম কাজবোৰঅৱশেষত ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে গুৱাহাটী প্ৰেচ ক্লাবত নিৰুপমা বৰগোঁহাই বাইদেউৱে মাউচত ক্লিক কৰি শুভ উদ্বোধন কৰিলে এনাজৰী ডট কমৰতাৰ পাছতে ইন্টাৰনেটৰ ৰাইজৰ প্ৰতিক্ৰিয়া আছিল চমকপ্ৰদকাহানিও আশা কৰা নাছিলো এনাজৰী ডট কমে ইমান সোনকালে সকলোকে মৰমেৰে বান্ধি পেলাব বুলি!

এনাজৰী ডট কম আৰম্ভ হোৱাৰ কিছু মাহৰ পাছত নিজ নিজ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল গুৱাহাটীৰ অৰ্পন, অনুৰাগ (কাৰিকৰী), লণ্ডনৰ চেতন (কাৰিকৰী), তেজপুৰৰ অৰুণাভ (অনুবাদ), দিল্লীৰ শাক্য (অনুবাদ) ইটানগৰৰ বৰ্ণালী হাজৰিকা (ইউনিকোড), টাইৱানৰ মনোজ মন (ইউনিকোড), গুৱাহাটীৰ মঞ্জিল (ইউনিকোড), দিল্লীৰ পংকজ (অলংকৰণ), ৰিদিপ (ইউনিকোড) আৰু সুস্মিতা (ইউনিকোড)

বিভিন্ন পৰামৰ্শ, শুভেচ্ছা, দাবী আদিৰে যেতিয়া পঢ়ুৱৈ সকলে এনাজৰী ডট কমলৈ বাৰ্তা পঠিয়াই তেতিয়াই প্ৰকল্পটো কিছু হ'লেও সফল হোৱা যেন অনুভৱ হয়। কেতিয়াবা এনাজৰী ডট কম কাৰিকৰী কাৰণত কিছুসময় বন্ধ কৰি ৰাখিলেও বাৰ্তা আহে এনাজৰী কিয় বন্ধ হৈ আছে? নি:সন্দেহে এইবোৰ পঢ়ুৱৈৰ প্ৰকল্পটোৰ প্ৰতি থকা মৰম চেনেহৰে উদাহৰণ। এটা কথা ভাবি এতিয়া ভাল লাগে যেতিয়া এনাজৰীত অসমৰ ইমানবোৰ তথ্য একেলগে পাই এজন অনা অসমীয়া লোকে অসম অহাৰ পৰিকল্পনা কৰে। (বাহিৰত থকা অসমীয়া বন্ধু এজনে জনাইছিল সেই কথা)

তিনিবছৰীয়া পৰিক্ৰমাটোত সফলতাৰ ঢৌৱেও চুই গ'ল এনাজৰী ডট কমক। প্ৰথম সাফল্য আহে ই নৰ্থ ইষ্ট বঁটাৰ যোগেদি,'ত এনাজৰী ডট কমে লাভ কৰে জুৰীৰ বিশেষ' বঁটা। আনহাতে তাৰ কিছুদিনৰ পাছতে আহে আন এক বৃহৎ সাফল্য, মন্থন ছাউথ এছিয়া আৰু এছিয়া পেচিফিক ২০১২ বঁটা এনাজৰী ডট কমৰ বাবে হৈ পৰে এক বৃহৎ সাফল্য
    
এনাজৰী ডট কম এতিয়া এখন পঞ্জীয়নভুক্ত অনুষ্ঠান । আমি নিজকে ইন্টাৰনেটৰ বিশ্বতে সীমিত কৰি ৰাখিব খোজা নাই। অসমীয়া কলা, সাহিত্য, সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰকল্প হাতত লোৱা হৈছে ইতিমধ্যেই। ৱেবচাইটযোগে বিভিন্ন প্ৰকল্পৰ কাম ইতিমধ্যেই চলি আছে। লিপ্যন্তৰ প্ৰকল্পৰ অধীনত অনুবাদ কৰ্মদলৰ সহায়ত বিভিন্ন অসমীয়া লেখা মেলাৰ ইংৰাজীলৈ অনুবাদৰ কাম চলি আছে, ইউনিকোড উপন্যাস প্ৰকল্পৰ অধীনত ৰীতা চৌধুৰীৰ জনপ্ৰিয় উপন্যাস পপীয়া তৰাৰ সাধু' ৰ ইউনিকোড ৰূপান্তৰণ যোৱা এবছৰ ধৰি চলি আছে, দুষ্প্ৰাপ্য ফটো, অসমীয়া গল্প, কবিতাৰ আৰ্কাইভৰ কামো চলি আছে সমান্তৰালভাবে, হাজাৰোধিক পুৰণি অসমীয়া গীতৰ আৰ্কাইভ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে (অৱশ্যে এই আৰ্কাইভটো সাময়িকভাবে কাৰিকৰী কাৰণত ৱেবচাইটৰ পৰা আঁতৰাই ৰখা হৈছে), ইতিমধ্যে মুকলি কৰা হৈছে হাজাৰোধিক অসমীয়া গ্ৰন্থ আৰু গীতৰ তথ্যৰ প্ৰথম তালিকা। আৰু বিভিন্ন কাম কাজ চলি আছে সমান গতিত। ইন্টাৰনেটৰ বাহিৰতো বিভিন্ন প্ৰকল্প ৰূপায়ন কৰিবলৈ এনাজৰী ডট কমে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে। হয়তো পঢ়ুৱৈ শুভাকাংক্ষীৰ মৰম শুভেচ্ছা অবিহনে এনাজৰী ডট কমে ইমানবোৰ কাম কাজ এক সময়তে চলাই নিয়াটো সম্ভৱ নহলহেতেন

ব্যক্তিগত ৱেবচাইট হিচাবে আৰম্ভ কৰিম বুলি ভবা এনাজৰী ডট কম এতিয়া এটা সামাজিক সংগঠন এনাজৰী ডট কমৰ তিনি বছৰীয়া যাত্ৰাত সংগী হোৱা সকলো সদস্য, পঢ়ুৱৈ, শুভাকাংক্ষী সদৌটিলৈ এনাজৰী ডট কমৰ তৰফৰপৰা জনাইছো আন্তৰিক কৃতজ্ঞতা
 
হিমজ্যোতি তালুকদাৰ, প্ৰতিষ্ঠাপক, এনাজৰী ডট কম