Thursday, September 1, 2016



কথানদীৰ কথাৰে

অসমৰ লোকসাহিত্যৰ এক উত্কৃষ্ট সৃষ্টি হল লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু। লোককথাক আধাৰ হিচাপে লৈ ৰচিত বুঢ়ী আইৰ সাধুত আছে হাস্যৰস, হিংসা, হত্যা, ঠগ প্ৰবঞ্চনা, চতুৰতা, আদৰ চেনেহ, লোভ আদি বিভিন্ন উপাদানৰ সমাহাৰ। শৈশৱতে বুঢ়ী আইৰ সাধুৰ প্ৰতিটো সাধুৰ লগতে হয়তো আমাৰ শৈশৱ অতিবাহিত হৈছিল। বহু ঋণাত্মক উপাদানেৰে ভৰা এই সাধুবোৰ শিশু উপযোগী হয়নে নহয় তাত বিতৰ্কৰ অৱকাশ থাকিলেও বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু যে অসমীয়া লোকসাহিত্যলৈ এক উল্লেখযোগ্য অৱদান সেয়া কোনোপধ্যেই নুই কৰিব নোৱাৰি। অসমত লোকসাহিত্যৰ চৰ্চা যেতিয়ালৈ চলি থাকিব তেতিয়ালৈকে শুনা পাই থাকিম তেজীমলাৰ কৰুণ বিননি ঠিক সেইদৰে চৰ্চিত হৈ থাকিব হুৰ হুৰকৈ বতা চৰাই খেদি ফুৰা চম্পাৱতীৰ কাহিনী অথবা মাখিয়ে মিথৈ খোৱা কাহিনী।


অসমীয়া চিনেমা জগততো বহু দিনৰ আগৰ পৰাই বুঢ়ী আইৰ সাধুৰ লোক কথা সমূহক লৈ পৰীক্ষা নীৰিক্ষা চলি আহিছে। তেজীমলা (১৯৬৩), সৰৱজান (১৯৮৫), তুলা আৰু তেজা (২০১২), আদি কেইবাখনো অসমীয়া চিনেমা ইতিমধ্যে নিৰ্মাণ হৈছে, বুঢ়ী আইৰ সাধুৰ কাহিনীৰ ওপৰত ভিত্তি কৰি। ২০১৬ চনত পুনৰ ন ৰূপত ওলাই আহিছে বেজবৰুৱাৰ অপূৰ্ব সৃষ্টি, হয়তো কিছু গভীৰ গতি-প্ৰকৃতি আৰু কল্পনাৰ অভূতপূৰ্ব সংমিশ্ৰণেৰে। যাৰ বাবে ভাস্কৰ হাজৰিকাৰ কথানদী বৰ্তমানৰ চিনেমাজগতত এখন বহুচৰ্চিত চিনেমা হিচাবে পৰিগণিত হৈ পৰিছে।

দেশ বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোত্সৱত উচ্চ প্ৰশংসিত এই চিনেমাখনত আছেনো কি যাৰ বাবে ইয়াৰ ইমান চৰ্চা চলিছে? হয়, ইয়াত কেৱল বুঢ়ী আইৰ সাধু কেইটাৰ কাহিনী সাধাৰণভাৱে দেখুৱায়েই কাম সামৰা হোৱা নাই। বিহংগম দৃষ্টিৰে আৰু কল্পনাৰ ৰহণ সানি এই কাহিনীবোৰ আমি কেনেদৰে উপস্থাপন কৰিব পাৰো তাৰ এক প্ৰশস্ত উদাহৰণ দাঙি ধৰিছে কথানদীয়ে, অসমীয়া চিনেমা জগতত প্ৰথমবাৰৰ বাবে।

লোককথা সমূহক চিনেমাৰ ৰূপ দিয়াটো সিমান এটা সহজ কথা নহয়। ইয়াৰ মূল উপজীব্য বিষয়বস্তু, চৰিত্ৰ আৰু ইয়াৰ সমূহ আনুসংগিক উপাদান সমূহৰ বিচ্যুতি হব নিদিয়াকৈ এখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমাৰ ৰূপ দিয়াটো যথেষ্ট কষ্টকৰ কাম। কিন্তু কথানদীয়ে যি ধৰণে চাৰিটাকৈ লোককাহিনী লৈ এখন চিনেমাৰ ৰূপ দিলে সেয়া হয়তো অসমীয়া চিনেমাৰসিক সকলৰ বাবে হব এক নতুন সোৱাদ বুঢ়ী আইৰ সাধুৰ চাৰিটা জনপ্ৰিয় সাধু ঔ কুৱৰী, তেজীমলা, চম্পাৱতী আৰু তাৱৈয়েকৰ সাধুৰ কাহিনীৰ আধাৰত নিৰ্মিত চিনেমাখনত বিচাৰি পোৱা যায় পৰিচালকৰ এক গভীৰ কল্পিত (Dark Fantasy) চিত্ৰায়ন,ত আপুনি কাহিনীৰ সমান্তৰালকৈ অনুভৱ কৰি যাব এক ৰোমহৰ্ষক অনুভূতি। বেজবৰুৱা বুঢ়ী আইৰ সাধু বুলি কলেই সাধাৰণতে আমাৰ ধাৰণাত ভাঁহি অহা বিভিন্ন মনোৰঞ্জনধৰ্মী উপাদান সমূহৰ উপস্থাপন কথানদীত কৰা হৈছে এক গহীনভাবে যিটো চিনেমাখনৰ মূল চালিকা শক্তি।

চিনেমাৰ কাহিনী আমাৰ বাবে নতুন নহয়। আমি প্ৰায়েই আটাইকেইটা সাধু শৈশৱতেই পঢ়িছো। কথানদীতো সাধুকেইটা পৰিচালকে নিজৰ চলচ্চিত্ৰীয় শৈলীৰে উপস্থাপন কৰিছে। ঔ কুঁৱৰী সাধুটোক বাদ দি বাকী কেইটা সাধুত বেজবৰুৱাৰ উপাদান সমূহেই আছে যদিও ঔ কুৱৰী সাধুটোৰ কাহিনীটো পৰিচালকে নিজস্ব দৃষ্টিভংগীৰে উপস্থাপন কৰিছে। কথানদী মুলত: নাৰীকেন্দ্ৰিক চিনেমা বুলি কলেও হয়তো ভুলকৈ কোৱা নহব। প্ৰতিটো কাহিনীতে নাৰীচৰিত্ৰ সমূহে মূখ্য ভূমিকা গ্ৰহণ কৰিছে। তেজীমলাত যদি মাহীমাকৰ অত্যাচাৰী চৰিত্ৰৰ প্ৰতিফলন ঘটিছে তেন্তে চম্পাৱতীৰ কাহিনীত মূল গুৰুত্ব দিয়া হৈছে সাধুটোৰ লাগী নামৰ লোভী চৰিত্ৰটোত ঠিক সেইদৰে ঔ কুঁৱৰী আৰু তাৱৈয়েকৰ সাধুটোতো নাৰীমনৰ বহি:প্ৰকাশ ঘটিছে। এফালে যিদৰে নাৰীৰ কপটতা,হিংসা,লোভ আদি দেখুওৱা হৈছে ঠিক সেইদৰে আনটো দিশত প্ৰকাশ পাইছে সন্তানৰ প্ৰতি থকা নাৰীৰ আকুলতা আৰু মাহীমাকৰ দুখ কষ্ট সহ্য কৰি যোৱা এগৰাকী নাৰীৰ কৰুণ কাহিনী। চিনেমাখনৰ অইন এটা উল্লেখযোগ্য দিশ হৈছে চাৰিটা কাহিনীৰ সমান্তৰাল গতি আৰু ইটো কাহিনীৰ লগত সিটো কাহিনীৰ সংযোগ স্থাপনৰ ধাৰাটো। অতি সন্তৰ্পনে পৰিচালকে এই সংযোগ স্থাপন কৰি ছবিখনক কৰি তুলিছে প্ৰাণৱন্ত। আটাইকেইটা কাহিনীৰ মূল উপাদানখিনি আমাৰে সকলোৰে জ্ঞাত যদিও সাধুৰ কোন কোন অংশ কথানদীয়ে বাচি উলিয়াই এটা সমান্তৰাল ধাৰাত কাহিনী আগবঢ়াই নিছে সেয়া হব দৰ্শকৰ বাবে উপভোগ্য বিষয়।

সংলাপৰ ভিন্নতাও চিনেমাখনৰ অন্য এক দিশ পুৰণি অসমৰ গ্ৰাম্য জীৱনৰ সাঁচেৰে সংলাপসমূহৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গল। অসমৰ জনপ্ৰিয় চিত্ৰতাৰকাসকলৰ সমাবেশেৰে উজ্জীৱিত কথানদীত অভিনয় দিশটো ইয়াৰ অইন এক সম্পদ সীমা বিশ্বাস আৰু আদিল হুছেইনৰ অভিনয়ৰ লগতে বলিষ্ঠ অভিনয় কৰিছে অইন শিল্পী সকলে। তেজীমলাৰ মাহীমাকৰ চৰিত্ৰত অভিনয় কৰা জেৰিফা ৱাহিদৰ এনে শক্তিশালী অভিনয় আগতে কোনো চিনেমাত দেখা মনত নপৰে। ঠিক সেইদৰে কপিল বৰা, আশা বৰদলৈ আৰু উৰ্মিলা মহন্তয়ো নিজ নিজ চৰিত্ৰত প্ৰশংসনীয় অভিনয় কৰিছে। তেজীমলা ৰূপী নৱাগতা কাচবী শৰ্মায়ো তেজীমলা চৰিত্ৰটো জীৱন্ত কৰি তুলিছে।   

কথানদীৰ যদি কলা নিৰ্দেশনা, পোচাক ৰূপাংকন, ৰূপসজ্জা অথবা সংগীতৰ উল্লেখ নকৰো তেন্তে ই আধৰুৱা আলোচনা হৈ থাকিব। সম্পূৰ্ণ এক গ্ৰাম্য পৰিবেশত অংকিত এই চলচ্চিত্ৰ খনত ৰূপসজ্জা, সাজপাৰ আৰু কলা নিৰ্দেশনাত যথেষ্ট গুৰুত্ব প্ৰদান কৰা চকুত পৰিল যিটো সচৰাচৰ অসমীয়া চিনেমাত গুৰুত্ব খুউব কমেই দিয়া দেখা  যায়, বিশেষকৈ পুৰণি কাহিনীৰ চলচ্চিত্ৰ (Period Films) । কথানদীৰ কাহিনী আগবঢ়াৰ লগে লগে ইয়াৰ পাৰ্শ্বসংগীতো হৈ পৰে চিনেমাখনৰ দৰেই মায়াময় আৰু গভীৰ প্ৰহেলিকাৰে ভৰা। কিন্তু উল্লেখযোগ্য কথা এয়ে যে কথানদীৰ সংগীতত পোৱা যাব থলুৱা সুৰৰ পয়োভৰ ঢোল, বিহুগীত, অন্যান্য অসমীয়া গ্ৰাম্য জীৱনৰ চিনাকি শব্দবোৰেৰে সজোৱা থলুৱা সুৰবোৰৰ পাৰ্শ্বসংগীত কথানদীৰ এক বিশেষ সম্পদ। হয়তো চিনেমা চাই উঠি আপোনাৰ কাণত বাজি থাকিব পাৰে চিনেমাৰ বিশেষ মুহূৰ্ত কিছুমানৰ কেইটামান বিশেষ ধ্বনি। সংগীত পৰিচালকে যে চলচ্চিত্ৰৰ সংগীতৰ ক্ষেত্ৰত এক বিস্তৃত গৱেষণা কৰিছে সেয়া সহজেই অনুমেয়।

কথানদী চিনেমাখন দৰ্শকে বুঢ়ী আইৰ সাধুৰ আধাৰত যদি মনোৰঞ্জনধৰ্মী উপাদান ৰূপে উপভোগ কৰিবলৈ যদি যায় তেন্তে সেয়া হব তেওঁলোকৰ ভুল ধাৰণা। এক গহীন গম্ভীৰ ৰূপত এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। সেইবাবে দৰ্শকে কথানদী শিশুসাহিত্যৰ অন্য এক ৰূপ বুলি ধাৰণা এটা লৈ ছবিঘৰলৈ যোৱাৰ সলনি ইয়াক লোকসাহিত্যৰ অভিযোজন হিচাবেহে গ্ৰহণ কৰি ছবিঘৰলৈ যোৱাটো বাঞ্চনীয়।

অসমীয়া চিনেমা জগতত কথানদীয়ে হয়তো খুলি দিব পাৰে বহুতো নতুন দুৱাৰ। বাণিজ্যিক সফলতাৰ বাহিৰেও অসমীয়া চিনেমা নিৰ্মাণৰ এক নতুন ধাৰা আৰম্ভ কৰাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব পাৰে কথানদীয়ে। কিয়নো কথানদীয়ে স্বাধীনভাৱে চিনেমা নিৰ্মাণ (Independent Filmmaking), সমূহীয়া অনুদান (Crowdfunding) আদি নতুন নতুন ধাৰণাসমূহ অসমীয়া চিনেমা নিৰ্মাণত প্ৰয়োগ কৰাত সফল হৈছে চিনেমাখনৰ বাজেটৰ এক বৃহত অনুদান আহিছে সমূহীয়া অনুদান প্ৰক্ৰিয়া যোগেদি, যিটো স্বাধীনচিতীয়া চিত্ৰনিৰ্মাণৰ এটা অংশ বুলিও ধৰিব পাৰি। চিত্ৰনিৰ্মাণৰ নব্য ধাৰাৰে উদ্ভাষিত কথানদীয়ে হয়তো বৰ্তমান অসমীয়া ছবিৰ গুণগত মানদণ্ডৰ ওপৰত থকা দৰ্শকৰ অভিযোগ সমূহ আঁতৰাবলৈ সক্ষম হব। ইতিমধ্যে দেশ বিদেশৰ বিভিন্ন চিত্ৰ মহোত্সৱত উচ্চ প্ৰশংসিত চিনেমাখনে অসমত মুক্তি পাব ১৬ ছেপ্তেম্বৰ তাৰিখে গতিকে উচ্চ প্ৰশংসিত এই চিনেমাখন অসমৰ দৰ্শকে আঁকোৱালি লব বুলি আশা কৰিব পাৰি। দৰ্শকেও উপভোগ কৰিব বেজবৰুৱাৰ সাধুকথা এক অনন্য ৰূপত  



Friday, July 10, 2015

পুণেৰ ‘মহাভাৰত’ আৰু বিভিন্ন প্ৰতিষ্ঠানত ৰাজনৈতিক নিযুক্তিসমূহ

প্ৰতিবাৰেই যেতিয়া এটা নতুন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে তেতিয়াই আৰম্ভ হৈ যায় বঁটা বিতৰণ পৰ্ব এটা। দলক সহায় কৰা দলীয় সদস্য সকলক প্ৰদান কৰা হয় নিচুকনি বঁটা সমূহ অৰ্থাত বিভিন্ন বিভাগ, অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ সভাপতি, অধ্যক্ষ আদি পদসমূহ। কংগ্ৰেছেই হওঁক অথবা বিজেপিয়েই হওঁক প্ৰতিবাৰেই চৰকাৰ গঠন হলে বিভিন্ন বিভাগসমুহত নিজৰ মানুহ বহুওৱাটো এটা পৰম্পৰাৰ দৰেই। কিন্তু এনে পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ কেতিয়াবা শলঠেকত পৰিবলগীয়া হয় চৰকাৰ।
শেহতীয়াকৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে ধৰ্মৰাজ যুধিষ্ঠিৰক পুণেত অৱস্থিত ভাৰতৰ ফিল্ম এণ্ড টেলিভিচন সংস্থাৰ (FTII) অধ্যক্ষ হিচাপে চৰকাৰে নিযুক্তি দিয়াক লৈ। দূৰদৰ্শনৰ বিখ্যাত ধাৰাবাহিক মহাভাৰতত যুধিষ্ঠিৰৰ ভূমিকাত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেতা গজেন্দ্ৰ চৌহানক ভাৰত চৰকাৰে নিযুক্তি দিছিল সন্মানীয় সংস্থাটোৰ অধ্যক্ষ হিচাপে। ভাৰতৰ বহুকেইগৰাকী প্ৰতিথযশা চলচ্চিত্ৰ পৰিচালক,কলা কুশলীক আওকান কৰি চৌহানক নিযুক্তি দিয়া হৈছিল একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ সুবাদতে। কিন্তু নিযুক্তিৰ লগে লগে প্ৰতিষ্ঠানটোত আৰম্ভ হল শক্তিশালী প্ৰতিবাদ যিটোত দেশৰ প্ৰতিথযশা অভিনেতা, পৰিচালক, কলা কুশলী আদিয়েও সমৰ্থন আগবঢ়াইছে।
এতিয়া আহো গজেন্দ্ৰ চৌহানৰ ভাৰতীয় চলচ্চিত্ৰ তথা টেলিভিচন ক্ষেত্ৰখনত অৱদানৰ বিষয়ে। আমি যদি আদিৰ পৰা অন্তলৈ তেখেতৰ কেৰিয়াৰটো ভালকৈ চালি জাৰি চাওঁ তেন্তে তেখেতৰ এটাই মাথো উল্লেখযোগ্য সাফল্য, সেয়া হল মহাভাৰত ধাৰাবাহিকত যুধিষ্ঠিৰ চৰিত্ৰৰ ৰূপায়ন। তাৰ বাদে তেখেতৰ অৱদান এক বৃহত শূণ্য। মহাভাৰতত অভিনয়ৰ পাছতে বিভিন্ন বোলছবিত সৰু সুৰা ভূমিকাত তথা বিভিন্ন প্ৰাপ্তবয়স্কৰ বি গ্ৰেড চলচ্চিত্ৰত অভিনয় কৰা চৌহানক FTII অধ্যক্ষ হিচাপে নিযুক্তিয়ে বিতৰ্কৰ সৃষ্টি কৰাটো এক স্বাভাবিক কথা। 2004 চনত ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়া গজেন্দ্ৰ চৌহানে হাৰিয়ানাত দলৰ হৈ যোৱা লোকসভা নিৰ্বাচনত প্ৰচাৰ অভিযান চলাইছিল, আৰু পুৰস্কাৰ হিচাপে দলে এটা আগশাৰীৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ পদৰ বঁটাতো চৌহানক প্ৰদান কৰিলে
চৰকাৰ বদলি হলেই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পদবীৰ পৰা পুৰণি চৰকাৰৰ সমৰ্থিত ব্যক্তিসকলক আতৰোৱাতো ডাঙৰ কথা নহয়। ইয়াৰ আগতেও কংগ্ৰেছ চৰকাৰ শাসনত থাকোতে ইয়াৰ সমৰ্থক সকলক বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু এনেধৰণৰ ৰাজনৈতিক নিযুক্তি সমূহে এটা প্ৰতিষ্ঠানৰ কিমান উন্নয়ন সাধে সি এক বিচাৰ্যৰ বিষয়। ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ এনে সৰু বৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে যিবোৰৰ প্ৰকৃততে কাম কি সেয়াও সহজে বুজিব নোৱাৰি। বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীক এটা পদবী ৰূপে নিচুকনি বঁটাটো দিবলৈকে যেন বিভিন্ন অলাগতিয়াল কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম হৈছে, তেনেধৰণৰ ধাৰণা এটাইহে মনত খোপনি পোতে। কিন্তু এনেধৰণৰ বগা হাতীত পৰিণত হোৱা প্ৰতিষ্ঠান সমূহ, লগতে ৰাজনৈতিক হস্তক্ষেপৰ জৰিয়তে লাভ কৰা নিযুক্তি প্ৰক্ৰিয়াসমূহে যে জনতাৰ কষ্টোপাৰ্জিত ধনৰহে শৰাধ কৰিছে সেয়া বোধহয় জনসাধাৰণেহে উপলব্ধি কৰে
এতিয়া পুনৰ ঘূৰি আহো গজেন্দ্ৰ চৌহান প্ৰসংগলৈ। ইয়াত কোনো দ্বিমত থাকিব নালাগে যে চৌহানৰ ভাৰতৰ টেলিভিচন অথবা চিনেমা জগতলৈ এনে কোনো বিশেষ অৱদান নাই যাৰ বাবে এফ টি আই আইৰ দৰে সংস্থা এটাৰ মুৰব্বীৰ পদবীটো লাভ কৰিব। গজেন্দ্ৰ চৌহানৰ নিজৰ ভাষাত কবলৈ হলে তেখেতক এটা সুযোগ লাগে নিজকে সংস্থাটোৰ হকে ভাল কাম কৰিবলৈ। তেওঁ ইতিমধ্যে নিজৰ বক্তব্য ডাঙি ধৰি কৈছে যে ছাত্ৰ ছাত্ৰী সকলে তেওঁক নুবুজাকৈয়ে আন্দোলন কৰি গৈছে। কিন্তু বুজিবলৈ কিবা বাকী আছে জানো?ব পাৰে তেওঁ এগৰাকী দক্ষ প্ৰশাসক কিন্তু টেলিভিচন অথবা চিনেমা জগতলৈ কোনো অৱদান নথকা এগৰাকী ব্যক্তিয়ে নিজে বুজি উঠিব লাগে আচলতে তেওঁ ইমান সন্মানজনক পদবী এটাৰ বাবে উপযুক্ত হয়নে নহয়। শ্যাম বেনেগাল, অদূৰ গোপালাকৃষ্ণন, মৃণাল সেন আদিৰ দৰে ভাৰতীয় চলচ্চিত্ৰ জগতৰ পুৰোধ্য ব্যক্তিসকলে আসন শুৱনি কৰা প্ৰতিষ্ঠান এটাত গজেন্দ্ৰ চৌহানৰ দৰে এগৰাকী ব্যক্তিৰ নিযুক্তিৰে চৰকাৰে নিজকে বহুৱা সজাৰ বাদে অইন একো নকৰিলে। একমাত্ৰ ৰাজনৈতিক তথা দলীয় স্বাৰ্থতে  নিযুক্তি লাভ কৰা গজেন্দ্ৰ চৌহানৰ নিযুক্তিয়ে যে বিখ্যাত প্ৰতিষ্ঠানটোলৈ ভৱিষ্যতে এক অশনি সংকেত কঢ়িয়াই আনিব সি নিশ্চিতসেইবাবে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদো যথেষ্ট যুক্তিসংগত।

কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ লগে লগে ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰখনৰো বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ সালসলনি ঘটিছে। চিলড্ৰেন ফিল্ম ছোচাইটি অব ইণ্ডিয়া (CFSI) ৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিলে বিজেপিৰ সমৰ্থক তথা মহাভাৰতৰ ভীষ্ম চৰিত্ৰত অভিনয় কৰা অভিনেতা মুকেশ খান্নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত বিভিন্ন প্ৰমোচনেল ভিডিঅ নিৰ্মান কৰি চেঞ্চৰ বৰ্ড Central Board of Film Certification (CBFC) ৰ মুৰব্বী পদ লাভ কৰিলে প্ৰহ্লাজ নিহালানীয়ে, যিয়ে বলিউডৰ পোন্ধৰখন মান চিনেমা প্ৰযোজনা কৰিছিল (কিন্তু সিমান লেখত লবলগীয়া চিনেমা নাছিল) আনহাতে বিজেপিত যোগ দিয়েই National Film Development Corporation of India(NFDC) ৰ অধ্যক্ষ পদ লাভ কৰে মালায়ালম চিনেমাৰ অভিনেতা সুৰেশ গোপীনাথনে। সাংস্কৃতিক ক্ষেত্ৰৰ এই নিযুক্তিসমূহে ইতিমধ্যে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কলা সংস্কৃতিৰ পথাৰখনত যোগ্যতাতকৈ ৰাজনৈতিক মতাদৰ্শই অধিক গুৰুত্ব লাভ কৰিলে ই যে সংস্কৃতিৰ ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পেলায় সি সহজেই অনুমেয়। দেশৰ জনতাই নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰখনক নিৰ্বাচনত জয়লাভ কৰাইছিল কংগ্ৰেছৰ দহবছৰীয়া শাসন আঁতৰাই এক সুস্থিৰ নতুন শাসন ব্যৱস্থাৰে দেশৰ উন্নয়ন ঘটাবলৈ,কিন্তু পুনৰ যদি একেই ৰাজনৈতিক কাৰচাজিৰে শাসন ব্যৱস্থা চলি থাকে তেন্তে জনসাধাৰণৰ মোহভংগ ঘটিবলৈ যে বেছি পৰ নালাগে সিয়ো চৰকাৰে মনত ৰাখিব লাগিব। দেশৰ উন্নয়ন যে দলীয় মতাদৰ্শতকৈ উৰ্ধত সেয়া অনুধাৱন কৰিব লাগিব বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে। ঠিক সেইদৰে দেশৰ অগ্ৰনী কলা সংস্কৃতিৰ প্ৰতিষ্ঠানসমূহত  দলীয় মতাদৰ্শৰ ভিত্তিতকৈ যোগ্যতাৰ ভিত্তিতহে নিযুক্তি দিয়াটো যুক্তিসংগত সেয়াও চৰকাৰে সোনকালে হৃদয়ংগম কৰাটো বাঞ্চনীয়

Monday, June 29, 2015

সেই ছঘন্টা!

অৰুণাচলখনৰ প্ৰাকৃতিক সৌন্দৰ্য যিমানেই পান কৰো সিমানেই যেন এক হেঁপাহ নপলোৱা অনুভুতি! সময় সুবিধা মিলিলেই ওলাওঁ অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক লাৱণ্য উপভোগ কৰিবলৈ। সুবিশাল ৰহস্যময় অৰুণাচলৰ দুৰ্গম নিৰ্জন, পথ পাহাৰবোৰে যেন কঢ়িয়াই ফুৰে হাজাৰ বছৰ পুৰণি কিছুমান অকথিত কাহিনী।

যোৱা ২৭ জুন তাৰিখে গৈছিলো অৰুণাচলৰ এখন সৰু নগৰ ৰইঙলৈ, তল ডিবাং উপত্যাকাৰ জিলা সদৰঠাই। পুৱা আঠ বজাত ডিগবৈৰ পৰা যাত্ৰা আৰম্ভ কৰি শদিয়া হৈ উপস্থিত হৈছিলোগৈ ৰইঙত। মায়ডিয়া অভিমূখী পথছোৱাৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰি পুনৰ ৰইং পালোহি। আমাৰ কাৰ্যসূচী আছিল দিনটো ঘূৰি মেলি পুনৰ ডিগবৈ উভতি অহাৰ। কিন্তু ৰইঙত উপস্থিত হোৱাত পলম হোৱা বাবে আৰু ইতিমধ্যে চৈখোৱা ঘাটৰ ফেৰীসেৱা বন্ধ হৈ যোৱা বাবে আমিও আমাৰ কাৰ্যসূচী সলনি কৰিবলৈ বাধ্য হ’লো। সিদ্ধান্ত হ’ল আমি তেজু, পৰশুৰামকুণ্ড, নামচৈ হৈ ডিগবৈলৈ উভতিম। যিটো পথেৰে ৰইং আহিছিলো সেই পথছোৱাৰ দুৰত্ব আছিল প্ৰায় এশ কিলোমিটাৰ কিন্তু ৰাস্তা ঘাটৰ দূৰৱস্থাৰ বাবে সেইটো পথ অতিক্ৰম কৰোতে লাগিছিল প্ৰায় চাৰিঘণ্টা। কিন্তু আমি যিটো পথেৰে উভতি যোৱাৰ পৰিকল্পনা কৰিছিলো সেইটোৰ দৈৰ্ঘ্য আছিল প্ৰায় দুশ পঞ্চাশ কিলোমিটাৰ।

ভবামতে কাম। লুংলুঙীয়া বাট, দুয়োকাষে হাবি ফালি ফালি ৰয়িঙৰ পৰা গাড়ী চেকুৰিলে তেজু অভিমুখে। গাড়ীত মই, মোৰ ভ্ৰাতৃপ্ৰতিম শাক্য, তনবীৰ আৰু গাড়ী চালক মিন্টু। আবেলি পাঁচ বজাত ৰয়িঙৰ পৰা যাত্ৰা আৰম্ভ কৰি নিশা আঠ বজাত উপস্থিত হৈছিলোগৈ লোহিত জিলাৰ সদৰ তেজুত। নিশা আঠ বজাত তেজু নগৰী আন্ধাৰত নিতাল মাৰি আছিল। স্থানীয় লোকে জনালে যোৱা দুদিন ধৰি বিজুলী সংযোগ বিচ্ছিন্ন হৈ আছে। দুৰ্গম গিৰিপথ ৰাতি পাৰ হোৱাতকৈ তেজুতে নিশা কটোৱাৰ পৰিকল্পনা এটা আহিছিল যদিও সি তল পৰিল সকলোৰে উৎসাহত। তেজুৰ পেট্ৰলপাম্প বন্ধ হৈ আছিল। আমাৰ গাড়ীখনত পেট্ৰলৰ পৰিমান সিমান সন্তোষজনক নাছিল। দুৰ্গম পাহাৰীয়া ৰাস্তাত গাড়ীৰ ইন্ধন শেষ হ’লে কি পৰিস্থিতিত সৃষ্টি হ’ব পাৰে সি সহজেই অনুমেয়। গাড়ীচালকৰ নিৰ্ভয়বানী আৰু পৰশুৰাম কুণ্ডত খোলাকৈ বিক্ৰী কৰা পেট্ৰ’ল ভৰাই ল’ব পৰা যাব বুলি অনুমান কৰি আমি নিশা চাৰে আঠ বজাত গাড়ী আগবাঢ়িলে ডিগবৈ অভিমুখে। পৰশুৰাম কুণ্ড, ৱাক্ৰ’, নামচৈ, ডুমডুমা হৈ ডিগবৈ। বাটত যিহেতু খোৱা বোৱাৰ কোনো ব্যৱস্থা নাই গতিকে তেজুতে কিনি ল’লো ফলৰ ৰস, কেক্, বিস্কুট আদি।


লাহে লাহে গাড়ী আগবাঢ়িল। বাট পথৰ অৱস্থা তথৈবচ। তেজুৰ পৰা ডেমৱে পোৱালৈ আৰম্ভ হৈছিল কিনকিনীয়া বৰষুণ। ডেমৱে পাৰ হোৱাৰ পাছতে বৰষুণে ল’লে ভয়ংকৰ ৰূপ। আমি ইতিমধ্যে বুজি উঠিছিলো তেজুত নিশা নকটোৱাৰ সিদ্ধান্তটো আছিল আমাৰ বাবে এক মাৰাত্মক ভূল সিদ্ধান্ত। কিন্তু আমি তেতিয়া এনে এক পথ অতিক্ৰম কৰি আহিছিলো যিটো পথত গাড়ী পিছলৈ ঘূৰোৱাৰ কোনো উপাই নাই। ঠেক পাহাৰীয়া ৰাস্তাতে মুষলাধাৰ বৰষুণ ফালি ফালি আগবাঢ়িছিল আমাৰ অকলশৰীয়া গাড়ী। ভুতৰ ওপৰত দানহ পৰাদি গাড়ীত পেট্ৰলৰ পৰিমানো কমি আহিবলৈ ধৰিলে। তেতিয়াও আমি আধাতকৈ বেছি দূৰ অতিক্ৰম কৰিবলৈ বাকী। মনত এটায়েই সান্ত্বনা, পৰশুৰামকুণ্ডত যেনেতেনে উপস্থিত হ’লেই হ’ল। কিন্তু পৰশুৰাম কুণ্ডলৈ তেতিয়াও বহু দূৰ বাকী। বৰষুণে তেতিয়াও তাণ্ডৱ লীলা চলায়েই আছিল। বৰষুণ আৰু পেট্ৰল, এই দুটা বস্তুৱে আমাক চিন্তান্বিত কৰি তুলিলে। অৱশেষত বৰষুণৰ পৰিমান কমিল। গাড়ী কিছুদুৰ আগবঢ়াৰ পাছত হঠাতে আমাৰ চকু পৰিল কেইখনমান সৰু সৰু দোকানত। লগতে ট্ৰাক দুখনমান। গাড়ীচালক মিন্টু নামি গ’ল পেট্ৰলৰ খবৰ ল’বলৈ। এনেতে দেখিলো অলপ সময় দুজনমানৰ লগত কথাপাতি মিণ্টু প্ৰায় দৌৰি অহাদি আহি চালকৰ আসনত বহি গাড়ী ষ্টাৰ্ট দিলে। আমি একো উৱাদিহ নাপালো। গাড়ী চলাই চলায়েই তেওঁ কৈ গ’ল, পেট্ৰল নাই ইয়াত। আগলৈ বোলে ভূমিস্খলন হোৱা আৰম্ভ কৰিছে গতিকে ট্ৰাকচালক কেইজনে আমাক যিমান পাৰি সিমান সোনকালে সেই ঠাই এৰাটোৱে মংগল বুলি জনাইছে। এইবাৰ পেট্ৰ’লৰ লগত অইন এটা নতুন চিন্তা – ভূমিস্খলন। ওখোৰা মোখোৰা ঠেক দুৰ্গম সৰ্পিল পাহাৰীয়া ৰাস্তাৰে গাড়ী আগবাঢ়ি থাকিল। যদি ক’ৰবাত ইতিমধ্যে ভূমিস্খলন হৈছে তেন্তে আমি যে নিগমে মৰিলো সেয়া ভাবিয়েই বুকুখন চিৰংকৈ উঠিল। মিণ্টুৱে যিমান পাৰি বেগত গাড়ী চলাইছে। গোটেই পথচোৱাত কেৱল আমাৰ গাড়ীখনেই। খিৰিকীৰে অলপ জুমি আন্ধাৰতে ঠাইডোখৰৰ ভয়ংকৰ ৰূপ এটা প্ৰতক্ষ্য কৰিলো। বাওঁফালে ওখ পাহাৰ আৰু সোঁফালে খৰস্ৰোতা লোহিতৰ ভয়ংকৰ শব্দ। তাৰো আনটো ফালে বিশাল দৈত্যাকায় পাহাৰ কেইটামানে আকাশ চুই আছে। পাহাৰবোৰে যেন আকাশখন লুকুৱাইহে ৰাখিছে। গাড়ীত সকলো মৌন। সকলোৰে এটায়েই মাথো লক্ষ্য, যিমান পাৰি সোনকালে পৰশুৰাম কুণ্ডত উপস্থিত হ’ব লাগে।

নিশা এঘাৰ বাজিছে। এনেতে হঠাতে মিন্টুৱে গাড়ীৰ ব্ৰেক মাৰি দিলে। সকলো উচপ খাই উঠিল। সন্মুখত দেখো কিছুমান সৰু বৰ শিলে ৰাস্তাটো আগুৰি আছে। মই আৰু তনবীৰ গাড়ীৰ পৰা ওলাই আহিলো কি হৈছে চাবলৈ। মধ্যমীয়া আকাৰৰ শিলবোৰ আঁতৰাবলৈ আৰম্ভ কৰিলো যাতে গাড়ীখন পাৰ হৈ যাব পাৰে। ৰাস্তাটো মুকলি কৰি থাকোতেই কেইছেকেণ্ড মান পাছতে উমান পালো ওপৰৰ পৰা শিল বাগৰি অহা শব্দ। মাথো কেই মিটাৰ মান আঁতৰত হঠাতে পাহাৰৰ ওপৰৰ পৰা বাগৰি আহিল মধ্যমীয়া জোখৰ কিছুমান শিল। লগে লগে যিমান পাৰি গাড়ী পিছুৱাবলৈ চিঞৰি চিঞৰি গাড়ীত বহিলো। মিন্টুৱে গাড়ীখন পিছুৱাই নিলে। অলপ সময় গাড়ীত বহি ওপৰৰ পৰা শিল বাগৰা চাই থাকিলো। আমি অনুমান কৰিলো যে কেই মিনিটমানৰ আগতে সেই ঠাইত কেইবাটাও ডাঙৰ শিল বাগৰি আহি তলৰ লোহিত নদীত পৰিছে। কেইছেকেণ্ডমানৰ ভিতৰতে আমি সিদ্ধান্ত লৈ পেলালো, গাড়ী যেনেতেনে আগবঢ়াই নিবই লাগিব। কাৰণ কেনেবাকৈ যদি ডাঙৰ শিল পৰে তেন্তে আমি ইয়াতে কিমান ঘণ্টা (হয়তো কেইবাদিনো!) আৱদ্ধ হৈ থাকিব লাগিব তাৰ কোনো ঠিক নাই। মৰণত শৰণ দি মই আৰু তনবীৰ গাড়ীৰ পৰা পুনৰ ওলাই আহিলো আৰু ৰাস্তা বন্ধ কৰি ৰখা শিলবোৰ পুনৰ আঁতৰোৱা আৰম্ভ কৰি দিলো। শিল আঁতৰাই গাড়ীৰ বাবে ৰাস্তাটো মুকলি কৰাৰ পাছতে দূৰত ৰৈ থকা গাড়ীখনক সেউজ সংকেত দিলো আগবাঢ়ি আহিবলৈ। যিমান পাৰি সিমান বেগত গাড়ী সেইখিনি ঠাই পাৰ হ’ল। গাড়ী জোৰেৰে আগবাঢ়িল আৰু আমি পিছে পিছে দৌৰিবলৈ ধৰিলো। দৌৰি থাকোতে এবাৰ পিছলৈ চাই দেখো পুনৰ কেইটামান শিল তললৈ বাগৰি আহিছে। গাড়ী অলপ দূৰ যোৱাৰ পাছতে আমি গাড়ীত উঠি সেই ঠাই কোনোমতে ত্যাগ কৰিলো। অলপ সময় গাড়ীত এক নিস্তব্ধ পৰিবেশ। ৰাতিৰ আন্ধাৰত হয়তো সেই ঠাইৰ ভয়াবহতা সিমান অনুমান কৰিব নোৱাৰিলো কিন্তু দিনত হয়তো দৈত্যাকায় পাহাৰবোৰ আৰু তলত বৈ যোৱা খৰস্ৰোতা লোহিতৰ সৈতে সেই ঠেক ৰাস্তাটোৰ ছবিখন দেখাত আৰু বেছি ভয়ানক হৈ উঠিলহেঁতেন।
এটা ডাঙৰ বাধা অতিক্ৰম কৰাৰ পাছত এতিয়াও সকলোৰে মনত পেট্ৰলৰ চিন্তাই জুমুৰি আছিল। লাহে লাহে কমি অহা পেট্ৰলৰ সংকেত কাঁটাডালত হে যেন সকলোৰে চকু। 

পৰশুৰাম কুণ্ড পালোহি। ইতিমধ্যে বন্ধ হৈ থকা দোকানবোৰত মানুহ জগাই পুনৰ খবৰ কৰিলো পেট্ৰ’লৰ। পেট্ৰ’ল নাই, ডিজেলহে আছে। যিমানখিনি ইন্ধন আছে সেইখিনিৰেই আমি আগবঢ়াৰ সিদ্ধান্ত ল’লো। ইন্ধন শেষ হ’লে গোটেই ৰাতিটো গাড়ীতে কটাম! ইতিমধ্যে আটাইৰে মোবাইলৰ বেটাৰীৰ শক্তিও লাহে লাহে কমি আহিছিল। দুজনমানৰ ইতিমধ্যে মোবাইল বন্ধ হৈছিলেই। গতিকে কিছু সময়ৰ পাছতে আমি পৃথিৱীৰ অইন প্ৰান্তৰ লগত সংযোগ বিচ্ছিন্ন হোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিল। পৰশুৰাম কুণ্ড পাৰ হৈ গাড়ী আগবাঢ়িল।

সময় নিশা প্ৰায় চাৰে বাৰ বাজিছে। ৱাক্ৰ’ পালোহি। এনেতে সন্মুখত হঠাতে দেখিলো এটা ইন্ডিয়ান অইলৰ পেট্ৰল পাম্প। সকলোৰে মুখত সৰুকৈ এটা হাঁহি বিৰিঙি উঠিল। লগে লগে গাড়ী সুমুৱাই দিয়া হ’ল পেট্ৰল পাম্প চৌহদত। গভীৰ অৰণ্যৰ মাজত অৱস্থিত পেট্ৰল পাম্পটোৰ চৌহদটো হৈ আছিল ভয়ংকৰভাবে নিজম। নাছিল কোনো জনপ্ৰাণী। বতাহৰ হো হোৱনিত যেন পৰিবেশটো আৰু অধিক জয়াল হৈ পৰিছিল। ঠিক যেন হ’ৰৰ চিনেমাত দেখুওৱা এটা দৃশ্যহে। আমি গাড়ীৰ পৰা নামি আগবাঢ়িলো কাউন্টাৰ অভিমুখে। খিৰিকিৰে জুমি চাই দেখো কোনো নাই। ভগৱানৰ ফটো এখনত চাকি এটা জ্বলি আছে। কাষতে এইন এটা সৰু ঘৰ। গাড়ীচালক মিন্টুৱে দুৱাৰ ঢকিয়াই ঢকিয়াই কোনোবা আছে নেকি জগাবলৈ ধৰিলে। বহু সময় দুৱাৰ ঢকিওৱাৰ পাছত এজন লোক ওলাই আহিল। আমাৰ সমস্যাৰ কথা বিৱৰি ক’লো। বিদ্যুত সৰবৰাহ বন্ধ হৈ থকা বাবে আমাক তেওঁ পেট্ৰল দিব নোৱাৰিব বুলি জনালে। আমি সকলোৱে জয়দেউ কাকুতি আৰম্ভ কৰাত অৱশেষত গুডামত ৰখা দহ লিটাৰ পেট্ৰ’ল দিবলৈ মান্তি হ’ল। যিমানখিনি তেল দিলে সিমানখিনিহে পইচা তেওঁ গ্ৰহণ কৰিলে। তাতকৈ এটকাও তেওঁ বেছিকৈ গ্ৰহণ নকৰিলে। ৰাস্তাৰ মাজত এনেকৈ যে এটা পেট্ৰ’ল পাম্প পাই যাম, সি আছিল সপোনৰো অগোচৰ। ৰাস্তাত ৰৈ পেট্ৰ’ল ক’ত পোৱা যাব সুধি অহা হৈছিল যদিও এই পেট্ৰ’ল পাম্পটোৰ কথা কিন্তু কোনেও আমাক জনোৱা নাছিল। যি কি নহওঁক আন এক ডাঙৰ বাধা আমি অতিক্ৰম কৰিলো। ইতিমধ্যে আমি পাহাৰবোৰৰ সৰ্পিল গতিপথ এৰি এক দুৰ্গম হাবিৰ মাজেৰে আন্ধাৰ ফালি আগবাঢ়িছিলো। এতিয়া যেন আমি নিশ্চিন্ত, ঘৰ গৈ পামেই। আকাশখনলৈ এবাৰ চালো। জোনাকী পোহৰত তৰা দুটামানে তিৰবিৰাই আছিল। মাথো কিছুসময়ৰ আগতে প্ৰলয়ৰ সৃষ্টি কৰা মেঘবোৰ খেদি খেদি ভাগৰুৱা আকাশখন যেন শুই পৰিছিল এক শান্ত ৰূপত।

মানমা, লাথাও আদি ঠাইবোৰৰ নিশাৰ সৌন্দৰ্য উপভোগ কৰি কৰি আমাৰ গাড়ী নামচৈ পালেহি। নিশাৰ ৰহস্যময় অৰুণাচলৰ এক নান্দনিক ৰূপ প্ৰত্যক্ষ কৰি শিহৰিত হৈ উঠিছিলো। অৱশেষত নিশা দুই বজাত ডিগবৈত উপস্থিত হ’লোহি, এক ভাগৰুৱা, ৰোমাঞ্চকৰ যাত্ৰাৰ সমাপ্তিত।

পাৰ হ’ল এক পাহৰিব নোৱাৰা নিশা, প্ৰহেলিকাময় অৰুণাচলৰ এক ৰোমহৰ্ষক নিশা!